
ডিজিটেল সংবাদ,বেকাজানঃ মণিপুৰত পুনৰ সংঘটিত হৈছে হিংসাত্মক ঘটনা। বুধবাৰে বিষ্ণুপুৰ আৰু ইম্ফল পশ্চিম জিলাত সংঘটিত হোৱা দুটা পৃথক ঘটনাত এজন লোক নিহত হোৱাৰ লগতে দুজন গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে।
ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাৰ অন্তৰ্গত মইৰাং থানাৰ পৰা মাত্ৰ প্ৰায় ২ কিলোমিটাৰ দূৰত্বত থকা ৱাঙাখালাৱাই আৰু কংগথেল গাঁৱৰ মাজত অৱস্থিত এটা সাহায্য শিবিৰত একাংশ সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে গুলীচালনা কৰে। এই ঘটনাৰ সময়ত চুৰাচান্দপুৰ থেংখৰা লেইৰাকৰ টয়জাম চন্দ্ৰমণি ওৰফে নেমছ (৩২) নিহত হয় আৰু ঙাংখালাৱাইৰ লেইচোম্বম মনোজ (২৮) গুৰুতৰভাৱে আহত হয়।
জানিব পৰা মতে বুধবাৰে পুৱা মৈৰাঙৰ একাংশ গাঁৱত অস্ত্ৰধাৰী যুৱকে অভিযান চলায়। হুলস্থুলৰ শব্দ শুনি মইৰাঙৰ সাহায্য শিবিৰৰ একাংশ লোকে কি হৈছে বুলি চাবলৈ ওলাই অহাৰ সময়তে চন্দ্ৰমণিৰ নামৰ যুৱকজনৰ পিঠিত গুলী লাগি বুকুৰ মাজেৰে ওলাই যায়।
আঘাতপ্ৰাপ্ত অৱস্থাত তেওঁক ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আদবাটতে মৃত্যু হয়। ৩টা গুলীত আঘাতপ্ৰাপ্ত আন এজন যুৱক সম্প্ৰতি আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে জনোৱা মতে, ঙাংখালাৱাইত সংঘটিত এই কাণ্ডটো মঙলবাৰে সন্ধিয়া ওচৰৰ পাহাৰৰ ঢালত গুলীচালনা আৰম্ভ হৈছিল । আন এক ঘটনাত বুধবাৰে চিংদা মথাউৰিৰ সমীপৰ কদংবন্দত ব্ৰজাবিধুৰ ঋষিকেশ (৩১) নামৰ এজন লোক গুলীত আঘাতপ্ৰাপ্ত হয়। ইফালে হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত জিলা কৰ্তৃপক্ষই বিষ্ণুপুৰ, ইম্ফল পূৱ আৰু ইম্ফল পশ্চিম জিলাত সান্ধ্য আইন শিথিলতা বাতিল কৰিছে।