নিৰ্মাণ সম্পূৰ্ণ হোৱা ৬ মাহ ন'হলেই, পথত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত...

নিৰ্মাণ সম্পূৰ্ণ হোৱা ৬ মাহ নহলেই, পথত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত...
নিৰ্মাণ সম্পূৰ্ণ হোৱা ৬ মাহ নহলেই, পথত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত...

ডিজিটেল সংবাদ নুমলীগড়: মৰঙিত নিৰ্মাণৰ ৬ মাহ নৌহওঁতেই খহিছে লোক নিৰ্মাণ বিভাগৰ পথ। সৰুপথাৰ সমষ্টিত বিষয়া-ঠিকাদাৰে পথ নিৰ্মাণৰ নামত সংঘটিত কৰিছে ব্যাপক লুণ্ঠন।

গোলাঘাট জিলাৰ মৰঙি মৌজাৰ এটা পথ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ৬ মাহ নহওঁতেই পথটোৱে লৈছে জৰাজীৰ্ণ ৰূপ। স্থানীয় ৰাইজে এই পথটো নিৰ্মাণত যথেষ্ট অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে, স্থানীয় ৰাইজ আৰু বিভিন্ন দল, সংগঠনৰ বহু আৱেদন, নিৱেদনৰ পাছত থুৰামুখ আৰু মোৰফুলনি সংযোগী পথটো নিৰ্মাণ হৈছিল। ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো নিৰ্মাণৰ বাবে আৱণ্টিত হৈছিল প্ৰায় ১ কোটি ৮০ লাখ টকা।

কিন্তু স্থানীয় বিধায়কৰ অতি ঘনিষ্ঠ জনৈক পাৰিক নামৰ ঠিকাদাৰৰ মইমতালিৰ বাবে অতি নিম্নমানৰ কাম কৰি দুৰ্নীতি আৰু অনিয়মেৰে পথটো সম্পূৰ্ণ কৰিলে যদিও ৬ মাহ নহওতেই পথটোয়ে লৈছি জৰাজীৰ্ণ ৰূপ।

সদাব্যস্ত এই গড়কাপ্তানি পথটোৰ নিৰ্মাণত হোৱা অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ দাবী জনাইছে স্থানীয় লোকসকলে। এই সন্দৰ্ভত এগৰাকী স্থানীয় ৰাইজে কয়, পথটো নিৰ্মাণৰ ক্ষেত্ৰত দুৰ্নীতি, অনিয়ম সংঘটিত হৈছে। পথটো নিৰ্মাণৰ ৬ মাহ সম্পূৰ্ণ নহওতেই পথটোৰ মাজত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে। প্ৰায় ঠাইতে ব্লেক টেপিং এৰি গৈছে।

স্থানীয় লোকসকলে এই ক্ষেত্ৰত স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন আৰু গড়কাপ্তানী বিভাগক পথটো পুনৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰি ৰাইজৰ সুবিধা কৰি দিবলৈ দাবী কৰিছে। অন্যথা আগন্তুক সময়ত এই পথটোৰে যাতায়ত সম্ভৱ হৈ নাথাকিব।পূৰ্বেও এইদৰে দুৰ্নীতি, অনিয়মেৰে পথ নিৰ্মাণ কৰাৰ ফলত ৰাইজে দুৰ্ভোগ ভূগি আহিবলগীয়া হৈছে বুলিও কয়।

নিৰ্মাণ সম্পূৰ্ণ হোৱা ৬ মাহ নহলেই, পথত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত...
১৯৬০ ৰ ভাষা আন্দোলনঃ অথলে গ'ল বহু প্ৰতিভাৰ ত্যাগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in