/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/e1c37284-010b-4035-958e-d05301b44d16/254.jpg)
ডিজিটেল ডেস্ক : ভাৰতীয় জনতা পাৰ্টি নীতি-আদৰ্শৰ লগতে কেন্দ্রীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ উন্নয়নমূলক পদক্ষেপৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ,অসম মজদুৰ চাহ সংঘ তথা একাধিক সংগঠনৰ নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰে। চাহ জনগোষ্ঠীৰ ৰাইজৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত বৃহস্পতিবাৰে অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি তথা টি বৰ্ড অৱ ইণ্ডিয়াৰ সদস্য নবীন চন্দ্ৰ কেওট,তাৰো ধানোৱাৰ, উপ সভাপতিদ্বয় পুতুল গোসাইট, বিশাল তাঁতী, নাওবৈছাৰ বিশিষ্ট সমাজকৰ্মী ৰাও গজেন্দ্র সিং, লখিমপুৰ জিলাৰ আটছাৰ সাংগঠনিক সম্পাদক বীৰেন্দ্র সিঙৰ লগতে কংগ্ৰেছ দলৰ কেইবাজনো সক্রিয় কর্মীয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/d1b7c6c9-d25d-43df-94e3-6a2ce9a3b117/bbe08494_bc0f_45a5_b211_2dfed43c3dc6.jpg)
উল্লেখযোগ্য যে বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত এক যোগদান কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়। এই সভাত ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্রসাদ তাচা, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, সাংসদ তথা সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, মন্ত্ৰীদ্বয় সঞ্জয় কিষাণ আৰু বিমল বড়া, বিধায়ক ৰূপেশ গোৱালাৰ লগতে দলীয় কার্যকর্তা সকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/6e8e4488-7518-48b9-9065-71d9049dc83d/5c69fc74_0418_492c_9680_505e81ad56c2.jpg)
অনুষ্ঠানৰ আৰম্ভণিতে নৱাগতসকলক দলৰ মজিয়ালৈ আদৰণি জনাই কামাখ্যা প্রসাদ তাচাই কয় যে, ভাৰতীয় জনতা পাৰ্টিৰ শাসনকালত দেশত অভূতপূর্ব উন্নয়ন হৈছে। দেশৰ জনসাধাৰণে এই উন্নয়ন প্রত্যক্ষ কৰিছে আৰু সেয়ে ভাৰতীয় জনতা পাৰ্টিক আন্তৰিকতাৰে আদৰি লৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/f9fbbdca-95f2-4732-81b2-8efdc306dd2f/d22e8da0_aad1_43b0_b04f_5e8f21f58af3.jpg)
আনহাতে সভাপতি ভৱেশ কলিতাই কয়- 'ভাৰতীয় জনতা পাৰ্টি নিৰন্তৰে ৰাষ্ট্ৰ তথা সমাজ সেৱাত ব্ৰতী থকা এটা ৰাজনৈতিক দল। প্রতিষ্ঠাকালৰে পৰা বিজেপি দলৰ নিষ্ঠাবান কাৰ্যকৰ্তাই ৰাষ্ট্ৰ নিৰ্মাণৰ হকে সততাৰে কাম কৰি আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/c1bd47b2-864f-4e6d-a41a-c5ee4c86d2db/ab71994d_d080_414d_af4d_5e39aed33e33.jpg)
ৰাষ্ট্ৰ নিৰ্মাণৰ মহান কাৰ্যত ব্ৰতী হ'বলৈ আজি বিজেপি দলত যোগদান কৰা প্ৰতিজন সন্মানীয় ব্যক্তিকে উষ্ম আদৰণি জনাইছোঁ।' লগতে তেওঁ কয়- 'ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকালত চাহ জনগোষ্ঠীৰ জনসাধাৰণে বিশেষ গতি লাভ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/1e4e1927-6093-4ee5-bf2c-227a39f44496/397da9b8_0d01_4bab_a31a_c6d626562c40.jpg)
চাহ বাগিচাৰ লাইনৰ ৰাস্তা পকীকৰণ হৈছে। ঘৰে ঘৰে শৌচাগাৰ নিৰ্মাণ হৈছে। হিতাধিকাৰীয়ে বেংক একাউন্টত পোনপটীয়াকৈ বিভিন্ন সাহাৰ্যৰ ধন লাভ কৰিছে। ঘৰে- ঘৰে ৰন্ধন গেছ যোগান আৰু বিশুদ্ধ খোৱাপানী সংযোগ হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/acefe864-d036-44d0-b233-321da6c53d07/ab71994d_d080_414d_af4d_5e39aed33e33.jpg)
চাহ শ্ৰমিক ৰাইজে পকীঘৰ লাভ কৰিছে। প্ৰত্যেকঘৰ চাহ শ্রমিকে ৰেচন কাৰ্ড লাভ কৰিছে। আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৫ লাখ টকাৰ চিকিৎসাৰ বাবে সহায়ৰ নিশ্চিত লাভ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/f9f13c45-56cf-4891-978a-83726d74969b/b5f8cd88_6aac_4ed4_94dc_f8f3be32a31d.jpg)
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে অসমৰ লাখ লাখ চাহ জনজাতীয় লোকসকলে দীৰ্ঘদিন ধৰি ভুগি অহা সমস্যাসমূহ দৃঢ়তাৰে সমাধান কৰিছে। মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বৰ বাবে চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি পোৱাৰ লগতে শিক্ষার্থীসকলৰ বাবে মেডিকেল, ইঞ্জিনিয়াৰিঙত আসন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে চাহ জনজাতিৰ বাবে ৩ শতাংশ চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে।'
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/3a3521e6-5ff6-4f8e-8606-646e7ede741b/7a8d1cd7_569c_4c70_8f36_05f89dea9389.jpg)
ভাষণ প্ৰসংগত তেওঁ কংগ্ৰেছক ভ্ৰষ্টাচাৰী দল বুলি কটাক্ষ কৰে। 'কংগ্ৰেছে দীর্ঘদিন ধৰি চাহ জনগোষ্ঠীৰ ৰাইজক শোষণ চলাই আছিল। কংগ্ৰেছৰ শোষণকাৰী চৰিত্ৰৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু জনগোষ্ঠীটোৰ উন্নয়নৰ স্বাৰ্থত চাই এলেকাৰ ৰাইজে এতিয়া বিজেপিক আদৰি লৈছে।' বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/d017e2ac-175f-48bf-a83c-1a6a53be91c9/dc9ef1a6_b84f_412e_b871_90eb6b83055a.jpg)
Also Read: ভাৰতৰ মাটিত হ'ব সপোন পূৰণ