/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/4920aa96-e94b-4fd0-975c-75cdff349567/AP_FOR_WEB_NEW____bikhekh_lekha.jpg)
ভাস্কৰ শৰ্মা
আৰম্ভ হ'ল বিশ্বকাপ এদিনীয়া ক্ৰিকেটৰ মহাৰণ। ক্ৰিকেট জ্বৰত আক্ৰান্ত বিশ্ববাসী। ২০১১চনৰ বিশ্বকাপৰ পিছত পুনৰ ভাৰতৰ মাটিত অনুষ্ঠিত হৈছে ২০২৩ বৰ্ষৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ। অৱশ্যে ২০১১ৰ সময়ছোৱাত বাংলাদেশ-শ্ৰীলংকাৰে যুটীয়াভাৱে ভাৰতে আয়োজন কৰিছিল বিশ্বকাপ।
পিছে এইবাৰ ভাৰতত অনুষ্ঠিত বিশ্বকাপ উপলক্ষে ৩০ ছেপ্তেম্বৰৰ পৰা ৩ অক্টোবৰলৈ চলা প্ৰস্তুতি মেচ সামৰি প্ৰতিটো দলে মাৰবান্ধি সাজু হৈ উঠিছে। ৫ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰলৈকে চলিব বিশ্বকাপৰ মেচ। প্ৰায় ডেৰমাহজোৰা প্ৰতিযোগিতাখনত প্ৰতিটো দলে উজাৰি দিব নিজৰ শ্ৰেষ্ঠত্ব।
বিশ্বকাপ উপলক্ষে বি চি চি আয়ে আয়োজন কৰা নাই কোনো উদ্বোধনী অনুষ্ঠানৰ। উদ্বোধনী অনুষ্ঠান অবিহনেই বিশ্বকাপৰ প্ৰথমখন মেচ বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয়।
ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড আৰু যোৱাবাৰৰ ৰাণাৰ্ছ-আপ নিউজিলেণ্ডৰে অনুষ্ঠিত হৈছে চলিত বিশ্বকাপৰ প্ৰথমখন মেচ। প্ৰস্তুতি মেচত বাংলাদেশক পৰাস্ত কৰি আত্মবিশ্বাসী ডিফেণ্ডিং চেম্পিয়ন দলটো। আহমেদাবাদত অনুষ্ঠিত মেচখনৰ পৰাই দুয়ো দলে বিশ্ব জয়ৰ অভিযান আৰম্ভ কৰিব।
ইফালে আয়োজক দেশ ভাৰতক লৈ যথেষ্ট আশাবাদী দেশৰ ক্ৰিকেট অনুৰাগী। এইবাৰ ভাৰতীয় ক্ৰিকেট দলেই দখল কৰিব বিশ্বকাপৰ খিতাপ ! সকলো দিশৰ পৰা চালি-জাৰি চাই একাংশ প্ৰাক্তন ক্ৰিকেটাৰে ভাৰতক খিতাপৰ বাবে প্ৰবল দাবীদাৰ বুলি মন্তব্য প্ৰকাশ কৰিছে।
ঘৰৰ মাটিত সদায়ে ভয়াৱহ ভাৰতীয় বেটছমেন। অধিনায়ক ৰোহিত শৰ্মা-শুভমন গীলে চম্ভালিব অ'পেনিঙৰ দায়িত্ব। ২ নম্বৰত বিৰাট কোহলি,মিডল অৰ্ডাৰত শ্ৰেয়াছ আয়াৰ,কে এল ৰাহুল,ঈশান কিষাণ।
অৱশ্যে মিডল অৰ্ডাৰত সূৰ্য্যকুমাৰ যাদৱেও মাজে-মধ্যে খেলিব। একেদৰে কে এল ৰাহুলে কোনো কোনো মেচত ৰোহিতক অ'পেনিং হিচাপে সংগ দিব পাৰে। শেষৰ ফালে হাৰ্ডিক পাণ্ডিয়া,ৰবীন্দ্ৰ জাডেজা অথবা অভিজ্ঞ ৰবিচন্দ্ৰন অশ্বিনে দলক সকাহ দিব পাৰিব। পেচ আক্ৰমণত যশপ্ৰীত বুমাৰাহৰ সংগী হ'ব ফৰ্মত থকা মহম্মদ ছিৰাজ আৰু চামী।
অৱশ্যে ভাৰতৰ স্পীন সহায়ক পিটছত পট পৰিৱৰ্তন হোৱা সম্ভাৱনা নুই কৰিব নোৱাৰি। তেতিয়া ৩গৰাকী স্পীনাৰেৰে ভাৰতে খেলপথাৰত নামিব। স্পীন আক্ৰমণত অভিজ্ঞ ৰবিশ্বন্দ্ৰন অশ্বিন আৰু জাডেজাৰ সংগী হ'ব কুলদ্বীপ যাদৱ।
শ্বাৰ্দুল ঠাকুৰেও হাৰ্ডিকৰ পৰিপূৰক হোৱাৰ সম্ভাৱনা আছে। মুঠৰ ওপৰত বেটে-বলে বেচ শক্তিশালী ভাৰতীয় ক্ৰিকেট দল। খিতাপ জয়ৰ বাবে দলটোৰ আছে প্ৰচুৰ সম্ভাৱনা। কোনো কোনো বিশেষজ্ঞ ক্ৰিকেটাৰৰ মতে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'ব ফাইনেল মেচ।
ভাৰত-পাকিস্তানৰ মেচ মানেই তীব্ৰ উত্তেজনা-উন্মাদনা। প্ৰতিটো মুহূৰ্তই ৰোমাঞ্চকৰ হৈ উঠে। তাতে দুই দলে যদি ফাইনেল খেলে সেয়া কি পৰ্যায়ৰ উত্তেজনাময় হৈ উঠিব তাক কল্পনা কৰিব নোৱাৰি।
আন একাংশৰ ভৱিষ্যতবাণীত বাদ পৰি যোৱা নাই অষ্ট্ৰেলিয়া,নিউজিলেণ্ড আৰু ইংলেণ্ড। দক্ষিণ আফ্ৰিকাই ছেমি ফাইনেল খেলিব যদিও ফাইনেলত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা ক্ষীণ বুলি উল্লেখ কৰিছে। অৱশ্যে অনিশ্চিয়তাৰে ভৰা ক্ৰিকেট খেলত কোনোও দিব নোৱাৰে নিশ্চয়তা। শেষ বলটোলৈকে থাকে উত্তেজনা-উন্মাদনা।
৫বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াই এৰি নিদিয়ে সুযোগ। ২০১৫ চনৰ পৰা বিশ্বকাপৰ সোৱাদ পোৱা নাই দলটোৱে। সেয়ে ২০২৩ত এই সুযোগ এৰি নিদিয়ে প্ৰাক্তন চেম্পিয়ন দলটোৱে। ৱাৰ্ণাৰ,স্মীথ,গ্ৰীণ আৰু মেক্সৱেলৰ বাবে ভাৰতৰ প্ৰতিখন গ্ৰাউণ্ডেই চিনাকী।
আনহাতে বলিঙত আদাম জাম্পা,হেজলউড আৰু ষ্টাৰ্কক আই পি এলে যথেষ্ট সহায় কৰিব। ভাৰতৰ পৰিবেশ চুকে-কোণে চিনি পাই অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে। সেই দিশৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। কাৰণ আন দেশৰ ক্ৰিকেটাৰতকৈ কেংগাৰু বাহিনীৰ সৰহ সংখ্যক খেলুৱৈ আই পি এলত ভাগ লয়।
আই চি চি এদিনীয়া ৰেংকিঙ অনুসৰি প্ৰথম ৬টা স্থানত আছে এইকেইইটা দল- প্ৰথমস্থানত ভাৰত,ক্ৰমে পাকিস্তান,অষ্ট্ৰেলিয়া,দক্ষিণ আফ্ৰিকা,ইংলেণ্ড আৰু নিউজিলেণ্ড। বাকী ৪টা দল তুলনামূলকভাৱে দুৰ্বল যদিও ক্ৰিকেটীয় সমীকৰণৰ দ্বাৰা আগশাৰীৰ দলৰ ছেমি অথবা ফাইনেললৈ যোৱাৰ পথত ব্যাঘাত জন্মাওতে বেছি সময় নালাগে।
কিয়নো ২০০৭ চনত ২০০৩ বিশ্বকাপৰ ৰাণাৰ্ছ-আপ ভাৰতক মূল পৰ্বৰ পৰাই বাংলাদেশে বাহিৰ কৰি দিছিল। এই দিশৰ পৰা প্ৰতিখন মেচেই গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় হৈ উঠিব।
উল্লেখযোগ্য যে ভাতৰৰ মাটিত অনুষ্ঠিত বিশ্বকাপত বিদেশী ক্ৰিকেটাৰ যথেষ্ট উপকৃত হ'ব। কিয়নো আই পি এল মেচৰ দ্বাৰা প্ৰতিখন ষ্টেডিয়ামেই বিপৰীত পক্ষৰ খেলুৱৈৰ বাবে চিনাকী পিটছ। ক'ত কেনেকৈ খেলিব লাগে তাৰ কায়দা ভালদৰে জানে। ইয়াৰ বাবে ভাৰতীয় শিবিৰে প্ৰস্তুত কৰিছে বিশেষ ৰণনীতি।
আনহাতে বিশ্বকাপৰ এদিন পূৰ্বেই দলৰ পৰা সাময়িকভাৱে বাদ পৰিছে নিউজিলেণ্ডৰ অধিনায়ক কেন উলিয়ামছন। তেওঁৰ আঘাতৰ বাবে ইংলেণ্ডৰে অনুষ্ঠিত প্ৰথমখন মেচত টম লাথামে ভাৰপ্ৰাপ্ত অধিনায়কৰ দায়িত্ব পালন কৰিছে। উইলিয়ামছন বিহীন নিউজিলেণ্ড শিবিৰৰ বাবে ই এক মোক্ষম আঘাত।
যদিহে সম্পূৰ্ণ প্ৰতিযোগিতাৰ পৰা নিয়মীয়া অধিয়ানক উলিয়ামছন বাহিৰ হয় তেন্তে দলৰ দায়িত্বভাৰ লাথামৰ ওপৰতেই পৰিব। ইফালে টীম ছাউদীৰ আঘাতেও চিন্তিত কৰিছে দলীয়া মেনেজমেন্টক। অৱশ্যে তেওঁৰ আঘাত গুৰুতৰ নহয়।
মুঠৰ ওপৰত প্ৰতিটো দলে এইবাৰ বিশ্বকাপকলৈ পৃথকে পৃথকে বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে বিৰাট কোহলী আৰু অশ্বিনৰ বাবে এইবাৰৰ বিশ্বকাপ বিশেষ। কিয়নো দুয়োগৰাকী ভাৰতীয় ক্ৰিকেটাৰ ২০১১ বিশ্বকাপজয়ী দলটোৰ সদস্য।
তেওঁলোকৰ বাহিৰে কোনো এগৰাকীৰে সেই সৌভাগ্য হোৱা নাই। কোহলিয়ে খেলিছে ২০১১,২০১৫,২০১৯ আৰু এতিয়া ২০২৩ বিশ্বকাপ। একেৰাহে ৪খন বিশ্বকাপ খেলা খেলুৱৈ কমেই আছে।
ইয়াৰ পিছত হয়তো কোহলিৰ বিশ্বকাপত খেলাৰ সৌভাগ্য নহ'ব। সেয়ে বিশ্বজয়ৰ বাবে কোহলিয়ে সৰ্বোচ্চ উজাৰি প্ৰতিখন মেচতে ভাগ ল'ব। ঘৰৰ মাটিত পুনৰ ভাৰতে জয় কৰক বিশ্বকাপ। খিতাপৰ আজুৰি আনক ৰোহিত শৰ্মা বাহিনীয়ে। এয়াই প্ৰতিগৰাকী ভাৰতীয়ৰ প্ৰাৰ্থনা। কপিল দেৱ-মহেন্দ্ৰ সিং ধোনীৰ নতুন অৱতাৰৰ নাম হওঁক ৰোহিত শৰ্মা।
Also Read: 'মাতৃ' নহ'লেও 'মানুহ' আছিল অনুপমা দত্ত...