স্বাস্থ্যমন্ত্ৰীৰ সৈতে আলোচনা মিলিত হ'ল অসম জ্যেষ্ঠ নাগৰিক

স্বাস্থ্যমন্ত্ৰীৰ সৈতে আলোচনা মিলিত হ'ল অসম জ্যেষ্ঠ নাগৰিক

ডিজিটেল সংবাদ, গুৱাহাটীঃ "জ্যেষ্ঠ নাগৰিকৰ বাবে অসম ৰাজ্যিক নীতি, ২০১৬"ত উল্লেখ থকা গুৰুত্বপূৰ্ণ বিষয়কে ধৰি জ্যেষ্ঠসকলৰ বাবে চিকিৎসা বিভাগৰ কৰিবলগীয়া বিভিন্ন বিষয়ৰ প্ৰসংগত শনিবাৰে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰতিনিধি আৰু অসমৰ স্বাস্থ্যমন্ত্ৰী কেশব মহন্তৰ মাজত দিছপুৰৰ মন্ত্ৰীৰ বাসগৃহত দিনৰ প্ৰায় ১১বজাত এক গুৰুত্বপূৰ্ণ আলোচনা হয়। আলোচনাৰ আঁত ধৰে জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি বানেশ্বৰ খাউণ্ডে। আনহাতে সম্পাদক প্ৰধান প্ৰসন্ন কুমাৰ বৰঠাকুৰে স্বাস্থ্যমন্ত্ৰীক প্ৰদান কৰা স্মাৰক পত্ৰখনৰ গুৰুত্বপূৰ্ণ বিষয়কেইটা পাঠ কৰে।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় এঘণ্টা ধৰি সকলো বিষয় আলোচনা কৰে। কাৰ্যকৰী সভাপতি খাউণ্ডে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জেৰিয়াট্ৰিক চিকিৎসাৰ পূৰ্ণ পৰ্যায়ৰ এটি স্থায়ী বিভাগ খোলাৰ ব্যৱস্থা ক্ষীপ্ৰতাৰে সম্পন্ন কৰি সেই বিষয়ত স্নাতকোত্তৰ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ দাবী জনায়। জিলা আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জ্যেষ্ঠ নাগৰিকৰ বাবে জেৰিয়াট্ৰিক চিকিৎসাৰ সা-সুবিধাৰ লগতে বিছনাৰ ব্যৱস্থা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৩০খন বিছনাযুক্ত জেৰিয়াট্ৰিক ৱাৰ্ডত চিকিৎসকসহ নাৰ্চ কৰ্মচাৰীৰ অভাৱ দূৰ কৰি ৱাৰ্ডটো উন্নত চিকিৎসা সেৱাৰ কেন্দ্ৰ কৰা আদি বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা হয়।

বাৰ্ধক্যজনিত সময়ত ব্যাধিয়ে যাতে জীৱন যন্ত্ৰণাময় কৰিব নোৱাৰে তাৰ বাবে ৰাজ্যিক নীতিত সন্নিৱিষ্ট দফাসমূহৰ সঠিক ৰূপায়নৰ আহ্বান জনায়। সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত চৰকাৰী চিকিৎসালয়সমূহত পৰীক্ষাগাৰত কৰা ৰোগীৰ সকলো ধৰণৰ পৰীক্ষা-নিৰীক্ষা আৰু ঔষধ বিনামূলীয়াকৈ কৰিবলৈ দাবী কৰাৰ লগতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত জ্যেষ্ঠ নাগৰিকৰ বাবে চিকিৎসা খৰছ ৫০শতাংশ ৰেহাইৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।

আলোচনাত সন্মিলনৰ প্ৰচাৰ আৰু জনসম্পৰ্ক সম্পাদক ৰমনী বৰ্মন আৰু বিত্ত সম্পাদক ভূপেন চন্দ্ৰ দাসেও অংশ লয়। আলোচনাত মন্ত্ৰীগৰাকীৰ দিনতে দীৰ্ঘবছৰ আগতে ৰচনা কৰা এনে জনহিতকৰ আঁচনিখনৰ সঠিক ৰূপায়নৰ ব্যৱস্থা হ'লে জনহিতকৰ কাৰ্য হ'ব বুলি কোৱা হয়। মন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিষয়টো শীঘ্ৰেই বিভাগীয়ভাবে আলোচনা কৰি ব্যৱস্থা ল'ব বুলি জনায়।

স্বাস্থ্যমন্ত্ৰীৰ সৈতে আলোচনা মিলিত হ'ল অসম জ্যেষ্ঠ নাগৰিক
ধিং মহাবিদ্যালয়ত আন্তৰ্জাতিক যুৱ দিৱসৰ সামৰণি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in