ধিং মহাবিদ্যালয়ত আন্তৰ্জাতিক যুৱ দিৱসৰ সামৰণি...

ধিং মহাবিদ্যালয়ত আন্তৰ্জাতিক যুৱ দিৱসৰ সামৰণি...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি (National Service Scheme) গোটৰ অধীনস্থ ধিং মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি, ধিং মহাবিদ্যালয়ৰ ৰেড ৰিবন ক্লাৱ, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী(NCC) আৰু ডি বি টি ষ্টাৰ কলেজ(DBT STAR COLLEGE)ৰ সহযোগত ধিং মহাবিদ্যালয়ৰ শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত আন্তৰ্জাতিক যুৱ দিৱসৰ শনিবাৰে সামৰণি পৰে। দিৱসৰ উপলক্ষে পুৱা ৬ বজাত ধিং মহাবিদ্যালয়ৰ পৰা বৰভেটি গাঁৱলৈ ৭ কিলোমিটাৰ দূৰত্বৰ হাফ মাৰাথান দৌৰ অনুষ্ঠিত হয়।

পুৱা ১০ বজাত অবিভক্ত নগাঁও জিলাৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্রাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ১১ বজাত আন্তৰ্জাতিক যুৱ দিৱস উপলক্ষে ড্ৰাগছ আৰু এইচ আই ভি সজাাগত মূলক এখনি বাটৰ নাট প্ৰদৰ্শন কৰে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। নাটকখনি পৰিচালনা কৰে মনস্বিতা নেওগে। ইয়াৰ পিছতে ধিং আৰোগ্য যোগ কেন্দ্রৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা যোগ প্ৰদৰ্শন কৰা হয়। দুপৰীয়া ১২ বজাত পৰা অনুষ্ঠিত মুকলি সভাৰ আৰম্ভণিতে স্বামী বিৱেকানন্দ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে আদৰ্শ বিদ্যালয়, বটদ্ৰৱাৰ অধ্যক্ষ ৰঞ্জিত পোখৰেলে।

ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম ৰাজ্যিক এইডচ নিয়ন্ত্ৰণ সমিতিৰ সহকাৰী সঞ্চালক ৰাজীৱ শৰ্মাই ভাষণ প্রদান কৰি "আন্তর্জাতিক যুৱ দিৱস উপলক্ষে ধিং মহাবিদ্যালয়ে অঞ্চলটোৰ নৱপ্ৰজন্মক মাৰাাত্মক ড্ৰাগছ আৰু এইডছৰ সজাগতাৰ বাবে লোৱা কাৰ্যসূচীসমূহ প্ৰশংসনীয়" বুলি মন্তব্য কৰে। সভাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত যুৱ দিৱসৰ বিভিন্ন প্ৰতিযোগিতাসমূহত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক নগদ ধনৰ টোপোলা আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়।

ৰাজহ চক্রৰ চক্র বিষয়া বিলিভিয়া চৌধুুৰী, ধিং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ৰিয়াজ উদ্দিন, অসম ৰাজ্যিক এইডচ নিয়ন্ত্ৰণ সমিতিৰ সদস্যা পিংকী বৰুৱা, মহিউদ্দিন আব্দুল কাদিৰ, মহাবিদ্যালয়ৰ এন এছ এছ (NSS) গোটৰ তত্বাৱধায়ক শিক্ষক ড০ মুকুট মনি শইকীয়াই ভাষণ প্ৰদান কৰা অনুষ্ঠানটি মহাবিদ্যালয়ৰ ৰেড ৰিবন ক্লাৱৰ তত্বাৱধায়ক ড০ উজয়ন্ত দাসে শলাগৰ শৰাই আগবঢ়ায়। ধিং মহাবিদ্যালয়ত অনুষ্ঠিত আন্তৰ্জাতিক যুৱ দিৱসৰ সমূহ কাৰ্যসূচীত নগাঁও জিলাৰ ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়, শংকৰদেৱ বিদ্যা নিকেতন ধিং, জৱাহৰ নৱোদয় বিদ্যালয় ধিং, খ্ৰীষ্ট জ্যোতি স্কুল ধিং, আদৰ্শ বিদ্যালয় বটদ্ৰৱা, ধিং মহাবিদ্যালয়কে আদি কৰি বিভিন্ন শিক্ষানুষ্ঠানৰ পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অতিথিসকল উপস্থিত থাকে।

ধিং মহাবিদ্যালয়ত আন্তৰ্জাতিক যুৱ দিৱসৰ সামৰণি...
কোটি টকাৰ কৰ ফাঁকিঃ গোৱালপাৰাত ডি এফ অ'ৰ আশিসত অবৈধ বালি খনন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in