সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰ...

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰ...
সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰ...

ডিজিটেল ডেস্কঃ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ এন এছ এছ গোট আৰু ছাত্ৰী একতা সভাই ITF Tang Soo Do Sports Association ৰ সৈতে মিলি মহাবিদ্যালয়খনত এক আত্মৰক্ষাৰ প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰে। যোৱা ২৩ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চ লৈকে মুঠ ৪০ গৰাকী ছাত্ৰীক ITF tang soo do sports association ৰ কাৰিকৰী পৰিচালক দেৱজিৎ গগৈ আৰু প্ৰশিক্ষক বৰ্ণালী গগৈয়ে প্ৰশিক্ষণ প্ৰদান কৰে।

এই আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠান যোৱা ৪ মাৰ্চত অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত উপস্থিত থাকে মহাবিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কুমাৰ দাস,অভ্যন্তৰীন মান নিৰুপন কোষৰ সমন্বয়ক ড° পৰী হিলৈদাৰী, অসম অলিম্পিক সন্থাৰ যুটীয়া সচিব অমল নাৰায়ণ পাটোৱাৰী আৰু সমৰ কলাৰ প্ৰশিক্ষক দেৱজিৎ গগৈ আৰু বৰ্ণালী গগৈ।

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কুমাৰ দাসে আদৰণি ভাষণেৰে সকলোকে সম্ভাষণ জনায়। মহাবিদ্যালয়খ্নৰ অৰ্থনীতি বিভাগৰ অধ্যাপিকা ড° জয়শ্ৰী চৌধুৰীয়ে আঁত ধৰি নিয়া এই অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ যুটীয়া সচিব অমল নাৰায়ণ পাটোৱাৰীয়ে ছাত্ৰীসকলক তেওঁলোকৰ উৎসাহী অংশগ্ৰহণৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

মাষ্টাৰ দেৱজিৎ গগৈয়ে ছাত্ৰীসকলক উদ্দেশ্যি কয় যে, "আত্মৰক্ষাৰ প্ৰশিক্ষণে কেৱল নিজকে সুৰক্ষা দিয়াই নহয়, ইয়াৰ উপৰিও প্ৰশিক্ষণে শাৰীৰিক আৰু আৱেগিকভাৱে ফিট্ হোৱাত সহায় কৰে"। প্ৰশিক্ষক বৰ্ণালী গগৈয়ে প্ৰদান কৰা বক্তব্যয়ে ছাত্ৰীসকলক আপ্লুত কৰে।

শেষত অংশগ্ৰহণকাৰীসকলক অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। এন এছ এছৰ কাৰ্যসূচী বিষয়া ড°বিনয় কুমাৰ নাথে শিবিৰত উপস্থিত থকা ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰে আৰু লগতে এনেবোৰ কাৰ্যসূচীত আগলৈও সক্ৰীয়ভাৱে অংশগ্ৰহণ কৰিবলৈ ছাত্ৰীসকলক আহ্বান জনায়। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই ছাত্ৰী একতা সভাৰ সাধাৰণ সম্পাদিকা অনন্যা শৰ্মাই।

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰ...
ঢকুৱাখনা-ঘিলামৰাত কৰ্মচাৰীৰ কৰ্মবিৰতিত অচল বিদ্যুৎ বিভাগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in