ঢকুৱাখনা-ঘিলামৰাত কৰ্মচাৰীৰ কৰ্মবিৰতিত অচল বিদ্যুৎ বিভাগ...

ঢকুৱাখনা-ঘিলামৰাত কৰ্মচাৰীৰ কৰ্মবিৰতিত অচল বিদ্যুৎ বিভাগ...
ঢকুৱাখনা-ঘিলামৰাত কৰ্মচাৰীৰ কৰ্মবিৰতিত অচল বিদ্যুৎ বিভাগ...

ডিজিটেল সংবাদ ঢকুৱাখনা:  নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি, দিনে নিশাই, ৰ'দ- বৰষুণ একাকাৰ কৰি জৰুৰীকালীন সেৱাত ব্ৰতী হৈ অহা বিদ্যুৎ বিভাগৰ কষ্টসহিষ্ণু অস্থায়ী কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী, অভাৱ পূৰণৰ প্ৰতি তিলমানো আগ্ৰহ প্ৰকাশ কৰা নাই ৰাজ্য চৰকাৰে। প্ৰধানকৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এলৰ ঢকুৱাখনা আৰু ঘিলামৰা উপ-সংমণ্ডল কাৰ্যালয়ত বছৰ বছৰ ধৰি অস্থায়ী ভিত্তিক নিৰন্তৰ সেৱা আগবঢ়াই অহা এই সকল কৰ্মঠ কৰ্মচাৰীৰ প্ৰতি চৰকাৰ কিম্বা বিভাগে প্রদর্শন কৰি অহা বেপৰোৱা দৃষ্টিভংগীৰ প্ৰতিবাদত সোমবাৰে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা আৰু ঘিলামৰা বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয়ৰ চৌহদত পৃথকে পৃথকে নাৰ্য দাবী পূৰণৰ দাবীত পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ ১২ ঘন্টা জোৰা কৰ্মবিৰতি কাৰ্যসূচী পালন কৰা হয় । "আছাম ষ্টেট আউতচৰ্চ পাৱাৰ ৱকাৰ্ছ ইউনিয়ন"ৰ ঢকুৱাখনা উপ-সংমণ্ডল শাখা সমিতিৰ সভাপতি ললিত কোঁৱৰ আৰু সম্পাদক ৰাহুল কুটুমৰ নেতৃত্বত  উপ-সংমণ্ডলটোৰ ৩১ গৰাকী অস্থায়ী কৰ্মচাৰীৰ সহযোগত পুৱা ৮ বজাত কাৰ্য্যালয় চৌহদত কৰ্মচাৰীসকল উপস্থিত হৈ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে ।

দিনটো নিয়োজিত কৰ্তব্যৰ পৰা বিৰত থাকি অৰ্ধ শতাধিক কৰ্মচাৰীয়ে সাব্যস্ত কৰা প্ৰতিবাদত উপ-সংমণ্ডলটোৰ স্বাভাৱিক কাম কাজৰ লগতে বিদ্যুৎ সেৱা যোগানত ব্যাপক অচলৱস্থাৰ সৃষ্টি হয়। উপ-সংমণ্ডলটোৰ অস্থায়ী কৰ্মচাৰীসকলে হাতে হাতে দাবী সম্বলিত প্লে'কাৰ্ড লৈ অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰা, "আছাম ষ্টেট আউতচৰ্চ পাৱাৰ ৱকাৰ্ছ ইউনিয়ন"ৰ ১১দফীয়া দাবী চনদ শীঘ্ৰে কাৰ্যকৰী কৰা, অসম চৰকাৰে ঘোষণা কৰা ৫০০০ পদত অস্থায়ী কৰ্মচাৰীসকলক অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা কৰা, চাকৰি নিয়মীয়াকৰণ নোহোৱালৈকে সম কাম সম মজুৰি দিয়াৰ ব্যৱস্থা কৰা আদি দাবী সম্বললিত শ্লোগান দি নাৰ্য প্রাপ্য  আদায় দিয়াৰ দাবী জনায়। 

ইয়াৰোপৰি ঘিলামৰা বিদ্যুৎ উপ-সংমণ্ডলৰ অস্থায়ী কৰ্মচাৰী শাখা সমিতিৰ সভাপতি ক্ষীৰুদ বৰুৱা ,সম্পাদক সঞ্জয় পায়েংৰ নেতৃত্বত, ঘিলামৰা উপ-সংমণ্ডলৰ প্ৰাপ্য বঞ্চিত অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ । সীমাহীন অভাৱ সমস্যাৰ মাজত নিজৰ জীৱনলৈ প্ৰতিক্ষনে বিপদ , দুৰ্ঘটনা নামি অহাৰ সম্ভাৱনীয়তা থকা স্বত্বেও নিষ্ঠা  সততাৰে নিয়মীয়া সেৱা আগবঢ়াই অহা অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰাৰ লগতে ১১দফীয়া দাবীসমূহ কাৰ্যকৰী কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী হস্তক্ষেপ কামনা কৰে ।

পৰৱৰ্তী সময়ত বিদ্যুৎ উপ-সংমণ্ডল বিষয়াদ্বয়ক দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে শাখা সমিতিসমূহে। উল্লেখ্য যে, ৱকাৰ্ছ ইউনিয়নৰ আহ্বান ক্ৰমে সাব্যস্ত কৰা গণ প্ৰতিবাদৰ প্ৰথম পদক্ষেপ হিচাবে গুৱাহাটীৰ চচলত যোৱা ২৭ ফেব্ৰুৱাৰীত গণ বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পৰৱৰ্তী সময়ত আজি ১২ ঘণ্টা জোৰা কৰ্মবিৰতি কাৰ্যসূচী পালন কৰা হ'ব ৰাজ্যজুৰি ।

ইয়াৰ পৰৱৰ্তী প্ৰতিবাদী পদক্ষেপ হিচাবে অহা ২০ মাৰ্চত এইসকল অস্থায়ী কৰ্মচাৰীয়ে  ৰাজ্য জুৰি কলম আৰু সঁজুলি বৰ্জন কাৰ্য্যসূচীৰে নাৰ্য প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰাৰ ঐক্যবদ্ধ গণতান্ত্ৰিক সংগ্ৰামৰ পাতনি মেলিব বুলি জানিবলৈ দিলে  ।

ঢকুৱাখনা-ঘিলামৰাত কৰ্মচাৰীৰ কৰ্মবিৰতিত অচল বিদ্যুৎ বিভাগ...
দেৱাশিস গগৈ হত্যাকাণ্ডত জড়িত ১১ জনক যাৱজ্জীৱন কাৰাদণ্ড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in