চিকিৎ‍সক সংগীতা দত্তৰ বিৰুদ্ধে দ্বিতীয়খন অভিযোগনামা দাখিল...

চিকিৎ‍সক সংগীতা দত্তৰ বিৰুদ্ধে দ্বিতীয়খন অভিযোগনামা দাখিল...

ডিজিটেল ডেস্কঃ শিশু নিৰ্যাতনকাৰী চিকিৎ‍সক সংগীতা দত্তৰ বিৰুদ্ধে দ্বিতীয়খন অভিযোগনামা দাখিল । চিকিৎ‍সক ৱালিউল ইছলামৰ বিৰুদ্ধেও দাখিল কৰা হৈছে অভিযোগনামা ।

পল্টন বজাৰ থানাৰ 201/2023 নম্বৰৰ গোচৰটোৰ ভিত্তিত দাখিল কৰা হৈছে এই অভিযোগনামা । ৩ দিনৰ পূৰ্বে প্রথমটো অভিযোগনামা দাখিল কৰা হৈছিল সংগীতা দত্তৰ বিৰুদ্ধে ।

প্রথমটো গোচৰৰ আদালতত পঞ্জীয়ন নম্বৰ 117/23 । বৃহস্পতিবাৰে ভিডিঅ’ কনফাৰেন্সযোগে শুনানিত উপস্থিত থাকে সংগীতা দত্ত । এইবাৰ দুয়ো পতি-পত্নীৰ বিৰুদ্ধে পৃথক-পৃথক আইনৰ ১২ টাকৈ ধাৰা আৰোপ কৰা হৈছে ।

POCSO আইনৰ ৬ নং ধাৰা আৰোপ হৈছে দুয়োৰে বিৰুদ্ধে । লক্ষী ৰয়ৰ বিৰুদ্ধে IPC 307,325,326,341 আৰু 506 ধাৰা আৰোপ কৰা হৈছে । ইয়াৰ বিপৰীতে উৎ‍পলা বসুৰ বিৰুদ্ধে শিশু ন্যায়িক আইনৰ 370(5)/80 ধাৰা আৰোপ কৰা হৈছে ।

উল্লখ্য যে চিকিৎ‍সক দম্পতীৰ বিৰুদ্ধে তুলনীয়া কন্যা সন্তানক শাৰিৰিক অত্যাচাৰৰ কৰাৰ অভিযোগ । এই অভিযোগৰ ভিত্তিতে পতি-পত্নীয়ে কাৰাগাৰত কাৰাবাস খাটি আছে ।

চিকিৎ‍সক সংগীতা দত্তৰ বিৰুদ্ধে দ্বিতীয়খন অভিযোগনামা দাখিল...
অবৈধ গৰু নহয়, এইবাৰ ক্ষেত্ৰীত জব্দ ম’হভৰ্তি ট্রাক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in