/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/88edb6e0-c46c-48f8-ac4c-0ed998a4b051/34.jpg)
ডিজিটেল সংবাদ,চাংচাৰি : ইলোৰা বিজ্ঞান মঞ্চৰ ২০ সংখ্যক প্ৰতিষ্ঠা বাৰ্ষিকী উপলক্ষে ভিন ভিন কাৰ্যসূচী সম্পন্ন কৰা হৈছে। ইয়াৰোপৰি চলিত জুন মাহৰ পৰা বিজ্ঞান মঞ্চই স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃষ্টিশীল প্ৰতিভা তথা বৈজ্ঞানিক উদ্ভাৱনী শক্তি বিকাশৰ লক্ষ্যৰে অসমৰ প্ৰায় সকলোবোৰ জিলাত বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনীৰ আয়োজন কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/27793363-2041-4c22-a9eb-1b05c9b7a206/94063c3c-a792-4687-ac16-7506513af13e.jpg)
জিলা পৰ্যাৰৰ প্ৰদৰ্শনীসমূহৰ পৰা উৎকৃষ্টমানৰ সৃষ্টিশীল আৰ্হিসমূহ বাচনি কৰি সেই আৰ্হিসমূহ ৬জুলাইত আই আই টি, গুৱাহাটীৰ কনফাৰেন্স চেন্টাৰত প্ৰদৰ্শন কৰা হয় । এই প্ৰদৰ্শনীৰ অসমৰ বিভিন্ন জিলাৰ ১৬০ গৰাকী শিশু বিজ্ঞানী আৰু ৬০ গৰাকী শিক্ষক-অভিভাৱকে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/531b8825-a315-4628-8748-fcdf1879b028/71896fc1-87ae-403c-a329-0811bd9654b6.jpg)
প্ৰতিখন জিলাই দুটা শাখাৰ দুটাকৈ দল ৰাজ্যিক ভিত্তিত অনুষ্ঠিত প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে। বিজ্ঞানীসকলৰ বাবে আই আই টি, গুৱাহাটীত থকা খোৱাৰ ব্যৱস্থা কৰা হৈছে।এই প্ৰদৰ্শনীৰ মূল উদ্দেশ্য হ'ল ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান-প্ৰযুক্তি আৰু পৰিৱেশ সংক্ৰান্ত উদ্ভাৱনী প্ৰতিভাক প্ৰোৎসাহিত কৰা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/df5c29b7-0969-4437-bf42-1d4d3d9f6380/e3e5eb3e-c3ec-42dc-bb39-4bfffb0ee8fd.jpg)
উল্লেখযোগ্য যে ৰাজ্যৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ পক্ষৰ পৰাও প্ৰস্তাৱিত বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনীৰ প্ৰতি সহযোগিতা আগবঢ়াইছে। ৬জুলাইৰ পুৱা ১১-০০বজাৰ লগে লগে আইআইটি-গুৱাহাটী প্ৰেক্ষাগৃহত প্ৰস্তুতি সমিতিৰ সভাপতি ডঃ জয়ন্তী চুতীয়াৰ সভাপতিত্বত উদ্বোধনী সভা আৰম্ভ হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/fd14b469-c14e-41f0-8988-7a54b663278c/9f08a91c-81b7-4681-bbfe-eb3ef9dd8cbb.jpg)
প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড, অসমৰ অধ্যক্ষ অসমৰ সঞ্চালক ডঃ অৰূপ মিশ্ৰই প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰি দিয়া ভাষণত প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামৰ লগত সান্নিধ্যৰ কথা সোঁৱৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান আৰু বিজ্ঞানমনস্কতাৰ সম্পৰ্কত সাৱলীল বক্তৃতা প্ৰদান কৰে। ইয়াৰ আগেয়ে ডঃ জয়ন্তী চুতীয়াই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ ছাত্ৰী, শিক্ষক-অভিভাৱক আৰু অভিভাৱকসকলক উদ্দেশ্যি অভিনন্দনসূচক বক্তব্য প্ৰদান কৰে।
আই আই টি, গুৱাহাটীৰ ডিন (আউটৰিচ) অধ্যাপক অনুপম শইকীয়াই বিজ্ঞান আৰ্হি প্ৰতিযোগিতাৰ আয়োজন কৰা বাবে ইলোৰা বিজ্ঞান মঞ্চক প্ৰশংসা কৰে আৰু ভৱিষ্যতেও বিজ্ঞান মঞ্চই বিজ্ঞানমনস্কতাৰ প্ৰসাৰৰ বাবে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে। অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিষদৰ সঞ্চালক ডঃ জয়দীপ বৰুৱাই নতুন প্ৰজন্মৰ মাজত বৈজ্ঞানিক মানসিকতাক আগুৱাই নিয়াত ইলোৰা বিজ্ঞান মঞ্চৰ ভূমিকাৰ শলাগ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/05e57268-5bd1-4849-8c69-a8541f27f4e1/fc6d1c95-753a-4414-9971-8271eca35e58.jpg)
৭-০০জুলাইৰ দিনা জনপ্ৰিয় বক্তৃতা অনুষ্ঠান সঞ্চালনা কৰে কটন কলেজৰ অৱসৰী অধ্যাপক পৱন চন্দ্ৰ চহৰীয়াই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আই আই টিৰ ডিন অনুপম শইকীয়া, চকু বিশেষজ্ঞ ডাঃ হৰ্ষ ভট্ট, আই আই টিৰ অধ্যাপক ডঃ অৰূপ শৰ্মা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডাঃ জয়দেব শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ মোহন চন্দ্ৰ কলিতা আৰু প্ৰফেছাৰ তপন চন্দ্ৰ শৰ্মা।
ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীৰ লগত মতবিনিময় কাৰ্যসূচী অতি আকৰ্ষণীয় হৈ উঠে আৰু উপস্থিত থকা বিশিষ্ট বিজ্ঞানীসকলে প্ৰায় দেৰকুৰি ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্নৰ উত্তৰ দিয়ে। ২-০০ বজাৰ লগে লগে দুদিনীয়া বিজ্ঞান আৰ্হি প্ৰদৰ্শনীৰ সফল সামৰণি পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d51381e2-62ae-4c16-b015-d0a314989032/37df2d9a-f465-4095-add4-8770394c5805.jpg)
শলাগৰ শৰাই আগবঢ়াই বিজ্ঞান মঞ্চৰ যুটীয়া সম্পাদক মনোজ ৰায়ে। শলাগৰ শৰাইত যুটীয়া সম্পাদক ৰায়ে প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক জয়ন্ত বৰুৱা, গুৱাহাটী আই আই টি কৰ্তৃপক্ষ, ভাৰতীয় ষ্টেট বেংক, এছ বি আই লাইফ, অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিষদ, প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে ইলোৰা বিজ্ঞান মঞ্চৰ হৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/4158d7da-367e-4141-ad83-f8685a6cd322/95e470e3-65c7-4677-9a0b-99b1603bce9b.jpg)
ইয়াৰোপৰি উল্লেখ কৰে যে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিপৰীতে ৰাজ্যত বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ আন্দোলনত সমাজৰ বিভিন্ন অংশৰ পৰা মঞ্চই পাইছে অভূতপূৰ্ব সঁহাৰি। সেয়ে বিজ্ঞান মঞ্চৰ কাম-কাজ ক্ৰমাৎ বৃদ্ধি পাইছে, লগে লগে মঞ্চৰ সাংগঠনিক ভিত্তিও শক্তিশালী হৈছে। অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ বাবে ইলোৰা বিজ্ঞান মঞ্চই সকলো অংশৰ ৰাইজৰ প্ৰতি আহ্বান জনায়।
Also Read: যুৱশক্তিৰ আধিপত্য : জিম্বাব’ৱেৰ বিৰুদ্ধে বিশাল ব্যৱধানত জয়ী টীম ইণ্ডিয়া