যুৱশক্তিৰ আধিপত্য : জিম্বাব’ৱেৰ বিৰুদ্ধে বিশাল ব্যৱধানত জয়ী টীম ইণ্ডিয়া

অসম সন্তান ৰিয়ান পৰাগে আজিৰ মেচখনত বলিং কৰে। তেঁওৰ বলিং বিশ্লেষণ আছিল এনেধৰণৰ ১.০-০-৫-০।

author-image
Asomiya Pratidin
New Update
যুৱশক্তিৰ আধিপত্য : জিম্বাব’ৱেৰ বিৰুদ্ধে বিশাল ব্যৱধানত জয়ী টীম ইণ্ডিয়া

ডিজিটেল ডেস্ক : জিম্বাব’ৱেৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ত জয় লাভ কৰিছে টীম ইণ্ডিয়াই। দেওবাৰে অনুষ্ঠিত মেচখনত ১০০ ৰানৰ বিশাল ব্যৱধানত জয়ী হয় শুভমন গীল নেতৃত্বাধীন দলটো।

Advertisment

পোনতে বেট ধৰি ভাৰতে ২৩৪ ৰানৰ বিশাল স্ক’ৰ গঢ়ি তোলে। ইয়াৰ মূলতে অভিষেক শৰ্মাৰ দৰ্শনীয় শতক। উদীয়মান খেলুৱৈ অভিষক শৰ্মাই আন্তৰ্জাতিক টি-২০ত এয়া প্ৰথমটো শতক। ইয়াৰোপৰি ঋতুৰাজ গাইকোৱাড় ৭৭ আৰু ৰিংকু সিঙে ৪৮ ৰানৰ মাৰমুখী ইনিংছ খেলে।

ইফালে ভাৰতে বান্ধি দিয়া বিজয়লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ ঘৰুৱা দল জিম্বাব’ৱে ১৩৪ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয়বৰণ কৰে। ভাৰতৰ হৈ আৱেশ খানে ৩টা, ৰবি বিষ্ণই আৰু মুকেশ কুমাৰে ২টাকৈ উইকেট দখল কৰে। ভাৰতৰ নিয়ন্ত্ৰিত বলিং আক্ৰমণত দিশহাৰা হৈ পৰে প্ৰতিপক্ষ।

ইফালে অসম সন্তান ৰিয়ান পৰাগে আজিৰ মেচখনত বলিং কৰে। তেঁওৰ বলিং বিশ্লেষণ আছিল এনেধৰণৰ ১.০-০-৫-০। ৰিয়ানে ১ অভাৰ বলিং কৰি মাত্ৰ ৫ৰান খৰচ কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে প্ৰথমখন মেচত শোচনীয়ভাৱে পৰাস্ত হৈছিল টীম ইণ্ডিয়া। ৫খনীয়া শৃংখলাত উভয় দলে ১খনকৈ মেচত জয়ী হৈ সমতা স্থাপন কৰি আছে।

cricket