আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদমেল

আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদমেল

ডিজিটেল সংবাদ, গুৱাহাটীঃ চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ে দেশত গণতন্ত্ৰৰ বিজয় সাব্যস্ত কৰিছে। বুধবাৰে আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকা ৰজাই বিজেপিৰ ঘৃণনীয় ষড়যন্ত্ৰৰ বিৰুদ্ধে কঠোৰ বাক্যবাণ নিক্ষেপ কৰে।

৩০ জানুৱাৰীত অনুষ্ঠিত মেয়ৰ নিৰ্বাচনত আপ আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থীক পৰাজিত কৰিবৰ বাবে বিজেপিয়ে কৰা কূট কৌশল পোহৰলৈ অহাৰ পাছত আম আদমী পাৰ্টি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। বিজেপিৰ প্ৰাৰ্থীক জিকাবলৈ ৰিটাৰ্ণিং বিষয়াই ৮ খন বেলট পেপাৰ নষ্ট কৰাৰ তথ্য অৱশেষত উচ্চতম ন্যায়ালয়ৰ মজিয়াত প্ৰমাণিত হয়। উচ্চতম ন্যায়ালয়ে পূৰ্বে ঘোষিত নিৰ্বাচনৰ ফলাফল নাকচ কৰি আপ আৰু ইণ্ডিয়া মিত্ৰজোটৰ প্ৰাৰ্থীক মেয়ৰ পদত জয়ী হোৱা বুলি ঘোষণা কৰে।

দলৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই উচ্চতম ন্যায়ালয়ে দিয়া ঐতিহাসিক ৰায়ৰ জৰিয়তে দেশত গণতন্ত্ৰৰ বিজয় সাব্যস্ত হোৱা বুলি প্ৰকাশ কৰে। সংবাদ মেলত দলৰ মুখপাত্ৰ গৰাকীয়ে কয় যে যি সময়ত বিৰোধী নেতা সকলৰ বিৰুদ্ধে চৰকাৰে চিবিআই, ই ডি লগাই বিৰোধীৰ কণ্ঠ ৰুদ্ধ কৰিব বিচাৰিছে, সেই সময়ত দেশত গণতন্ত্ৰ হত্যাৰ ঘৃণনীয় ষড়যন্ত্ৰত লিপ্ত হৈছে শাসকীয় বিজেপি তথা মোদী চৰকাৰ।

ইপিনে, উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়ৰ পিছতে মঙলবাৰে নতুন দিল্লীত আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই ৰায়ক সংবিধান তথা গণতন্ত্ৰৰ বিজয় বুলি অভিহিত কৰিছে। আপৰ মুৰব্বী গৰাকীয়ে কয়- মোদী চৰকাৰে আজি সত্যক মষিমূৰ কৰি পেলাব বিচাৰিছে, কিন্তু সত্যৰ পৰাজয় হোৱা নাই। উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছত আম আদমী পাৰ্টিৰ এই বিজয়ে প্ৰমাণ কৰিছে যে কৌশলগত ভাবে ঐক্যবদ্ধ হৈ কাম কৰিলে বিজেপিক পৰাজিত কৰা সম্ভৱ। কেজৰিৱালৰ মতে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনে প্ৰমাণ কৰিছে যে বিজেপিয়ে ভোট চুৰ কৰিব পাৰে। সেইবাবেই তেওঁলোকে আগন্তুক লোকসভা নিৰ্বাচনত ৩৭০ খন আসনত বিজয়ী হ'ব বুলি দাবী কৰিছে। বিজেপিক জনতাৰ ভোটৰ প্ৰয়োজন নাই বুলিও প্ৰচাৰ চলাইছে ।

মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ক আদৰণি জনাই এনেদৰেই সংবাদমেলত সৰৱ হয় দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল।

আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদমেল
টিজি বৰুৱা সোঁৱৰণী মিডিয়া ক্ৰিকেট আৰম্ভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in