/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b2e0856c-1e40-48cb-8e90-fdb3a10f1832/SCERT.jpg)
ডিজিটেল ডেস্কঃ এছ চি ই আৰ টিৰ গোচৰত অভিযুক্ত ৬ ব্যক্তিৰ জামিন আবেদন নাকচ কৰিছে আদালতে । বিশেষ ন্যায়াধীশৰ আদালতে মঙলবাৰে পুনৰ আটাইকেইজন অভিযুক্তৰ জামিন নাকচ কৰে । জামিন নাকচ সোনমণি নাথ, ভাস্কৰ হাজৰিকা, মনোজ দাস, ডেভিদ অধিকাৰী, বেনিন দলে আৰু ৰাজেশ কুমাৰ যোশীৰ ।
এছ চি ই আৰ টিৰ ১০৫ কোটি টকীয়া এক কেলেংকাৰী পোহৰলৈ আহিছিল । এই কেলেংকাৰীৰ মুখ্য অভিযুক্ত আই এ এছ বিষয়া শেৱালী দেৱী ইতিমধ্যেই গ্ৰেপ্তাৰ হৈছে । উল্লেখ্য যে, এছ চি ই আৰ টিৰ কাৰ্যবাহী অধ্যক্ষ আৰু সঞ্চালক হৈ থকাৰ সময়ত শেৱালী দেৱীয়ে ২০১৭ ৰ পৰা ২০২০ ৰ ভিতৰত সংঘটিত কৰিছিল এই কেলেংকাৰী।
Also Read: দিল্লীত গ্ৰেপ্তাৰ ছদ্মবেশী পৰীক্ষাৰ্থী