/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
অখিল গগৈ, কংগ্ৰেছৰ দুই বিধায়কক দিনটোৰ বাবে বিধানসভাৰ পৰা বহিষ্কাৰ...
-
অসম বিধানসভা হুলস্থুলীয়া পৰিৱেশ।
-
হুলস্থুলীয়া পৰিৱেশৰ মাজতে ৩ বিধায়কক দিনটোৰ বাবে সদনৰ পৰা বহিষ্কাৰ।
-
বহিষ্কৃত ৩ বিধায়কৰ ভিতৰত ২ বিধায়ক কংগ্ৰেছৰ।
-
আনজন বিধায়ক শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ।
-
বহিষ্কৃত দুই কংগ্ৰেছী বিধায়ক ক্ৰমে কমলাক্ষ দে পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰ।
-
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ আৰু কমালাক্ষ দে পুৰকায়স্থক ৫ এপ্ৰিললৈ বহিষ্কাৰ কৰাৰ বাবে প্ৰস্তাব ৰাখিছিল।
-
অসম বিধানসভাৰ চলিত বাজেট অধিৱেশন ৫ এপ্ৰিলত সমাপ্ত হ'ব।
-
ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তন কৰাক কেন্দ্ৰ কৰি আজি অসম বিধানসভাত সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতি।
-
অধ্যক্ষই ২০ মিনিটৰ বাবে সভা স্থগিত ৰাখিছে।
Also Read: ১ এপ্ৰিলৰ পৰা ব্যয়বহুল হ'ব গুগোল পে', ফোন পে': ভৰিব লাগিব মাচুল...