যৌন ক্ষুদ্ধা নিবাৰণৰ বাবে শিশুক ব্যৱহাৰ কৰিছিল সংগীতা দত্ত, ৱালিউল ইছলামে...

যৌন ক্ষুদ্ধা নিবাৰণৰ বাবে শিশুক ব্যৱহাৰ কৰিছিল সংগীতা দত্ত, ৱালিউল ইছলামে...
যৌন ক্ষুদ্ধা নিবাৰণৰ বাবে শিশুক ব্যৱহাৰ কৰিছিল সংগীতা দত্ত, ৱালিউল ইছলামে...

ডিজিটেল ডেস্কঃ অবৈধ ভাৱে নিজৰ ঘৰত ৰখা দুটাকৈ তুলনীয়া শিশুক শাৰীৰিক, মানসিক অত্যাচাৰ কৰি কাৰাগাৰৰ আলহী হোৱা গুৱাহাটীৰ বিখ্যাত চিকিৎসক দম্পত্তি ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তই নিজৰ যৌন ক্ষুদ্ধা নিবাৰণৰ বাবে কোনটো পৰ্যায়লৈ যাব পাৰে সেয়া কল্পনাৰো অগোচৰ। শেহতীয়াকৈ পোহৰলৈ আহিছে এই চিকিৎসক দম্পতিৰ এক বীভৎস কাণ্ড।

আৰক্ষীয়ে দাখিল কৰা দ্বিতীয়খন চাৰ্জশ্বিটত পোহৰলৈ আহিছে এই চিকিৎসক দম্পত্তিৰ যৌন ক্ষুদ্ধা নিবাৰণৰ বাবে কিদৰে শিশুৰ ওপৰত চলাইছিল নিৰ্যাতন। জি এম চি এইছৰ এটা তিনিজনীয়া চিকিৎসকৰ দলে ৱালিউল ইছলাম আৰু সংগীতা দত্তৰ ঘৰৰ পৰা উদ্ধাৰ কৰা ছাৰে তিনি বছৰীয়া ল'ৰা শিশুটোৰ শাৰীৰিক পৰীক্ষাৰ অন্তত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।

ন্যায়ালয়ত দাখিল কৰা দ্বিতীয়খন অভিযোগনামাত ইয়াৰ সবিশেষ উল্লেখ কৰা হৈছে। জানিব পৰা মতে চিকিৎসক ৱালিউল ইছলামে ল'ৰা শিশুটোৰ ওপৰত চলাইছিল যৌন নিৰ্যাতন। শিশুটৰ দেহত স্পষ্ট যৌন আতিশয্য চলোৱাৰ চিন।

শিশুটিৰ গুহ্যদ্বাৰত স্পষ্ট হৈ আছিল আঘাতৰ চিন। উল্লেখ্য যে, এই মানৱৰূপী দানৱ চিকিৎসক দম্পত্তিহালৰ বিৰুদ্ধে পল্টনবজাৰ আৰক্ষী থানাত ৰুজু হৈছিল দুটাকৈ গোচৰ। ইয়াৰে এটা গোচৰ আছিল ডাঃ সংগীতা দত্তৰ বিৰুদ্ধে আৰু আনটো ডাঃ ৱালিউল ইছলামৰ বিৰুদ্ধে।

এই দুয়োটা গোচৰেই অৱশ্যে এটাৰ সৈতে আনটো সংপৃক্ত হৈ আছে। ডাঃ ৱালিউল ইছলামৰ বিৰুদ্ধে ল'ৰা শিশুটিক যৌন নিৰ্যাতন চলোৱাৰ সন্দৰ্ভত পল্টনবজাৰ আৰক্ষী থানাত ২০১/২৩ নম্বৰত ৰুজু হৈ থকা দ্বিতীয়টো গোচৰ সন্দৰ্ভত আৰক্ষীয়ে দাখিল কৰিছে দ্বিতীয়খন চাৰ্জশ্বিট।

এই গোচৰটোত ডাঃ ৱালিউল ইছলামৰ উপৰিও নাম আছে ডাঃ সংগীতা দত্ত, প্ৰাইভেট মেনেজাৰ লক্ষী ৰয়, উৎপলা বসুৰ। এই উৎপলা বসুৰ পৰাই দুই চিকিৎসক দম্পত্তীয়ে অবৈধ ভাৱে ক্ৰয় কৰিছিল দুই সন্তান।

এই গোচৰটোত ডাঃ ৱালিউল ইছলামৰ বিৰুদ্ধে পকচো আইনৰ শক্তিশালী ৬ নং ধাৰা আৰোপ কৰা হৈছে। ইফালে এই গোচৰৰ পৰা পৰিত্ৰাণ পাবলৈ এই চিকিৎসক দম্পতিয়ে ইতিমধ্যে কাৰাগাৰৰ পৰাই ৰচনা কৰিছে আন এক কৌশল।

তেওঁলোকে তেওঁলোকৰ ব্যক্তিগত মেনেজাৰ লক্ষী ৰয়ৰ বিৰুদ্ধে দাখিল কৰিছে এক গোচৰ। এই গোচৰত তেওঁলোকে লক্ষী ৰয়েহে সিশু দুটাক নিৰ্যাতন চলোৱাৰ বিষয়ে উল্লেখ কৰিছিল।সেয়ে এতিয়া তদন্তকাৰী বিষয়াক সমগ্ৰ গোচৰটো অতি গুৰুত্বসহকাৰে লোৱাৰ বাবে আহ্বান জনাইছে সচেতন নাগৰিকে। কোনো কাৰণতে যাতে আইনৰ সুৰুঙাৰে এই দুই মানৱৰূপী দানৱ সাৰি নাযায় তাৰ ওপৰত লক্ষ্য ৰাখিবলৈও আহ্বান জনাইছে।

যৌন ক্ষুদ্ধা নিবাৰণৰ বাবে শিশুক ব্যৱহাৰ কৰিছিল সংগীতা দত্ত, ৱালিউল ইছলামে...
শ্ৰীমন্ত শংকৰদেৱ সংঘ কামপুৰ জিলা শাখাৰ উদ্যোগত আয়োজিত কৰ্মশালাৰ সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in