/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a35f57b3-ba89-4b23-8f35-cd1471079a7b/SANKAR.jpg)
ডিজিটেল সংবাদ,কামপুৰ : শ্ৰীমন্ত শংকৰদেৱ সংঘ কামপুৰ জিলা শাখাৰ উদ্যোগত যোৱা ১১ জুলাই পৰা ১৫ দিনীয়া কাৰ্যসূচীৰে এখনি সংস্কৃতিক কৰ্মশালাৰ আয়োজন কৰা হৈছিল। এই সাংস্কৃতিক কৰ্মশালাখনিৰ বুধবাৰে সফল সামৰণি পৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/64abed02-c384-42ef-a4cf-acc2e2a5cd24/f7c3db56_b039_4f55_b39f_f8c2f35b56f5.jpg)
সামৰণি পৰ্ব উদ্দেশ্যে কামপুৰ শংকৰ সংঘৰ জিলা নামঘৰত অনুষ্ঠিত হোৱা সাংস্কৃতিক কৰ্মশালাখনিৰ সামৰণি সভাত সভাপতিত্ব কৰে কামপুৰ জিলা শাখাৰ সভাপতি মুনিন্দ্ৰ নাথ বৰাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা শাখাৰ সম্পাদক দিগেন বৰাই আৰু অনুষ্ঠানৰ আঁত ধৰে সাংস্কৃতিক সম্পাদক দিব্যজ্যোতি বৰুৱা আৰু শংকৰী সংগীত বিদ্যালয়ৰ সম্পাদক অমৰজিত ভূঞাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/665ffc18-df53-4e49-a8e5-e997c69cc596/2e91c351_59d0_4437_a2c5_622bda986477.jpg)
অনুষ্ঠানটিৰ পূৰ্বে জিলা শংকৰী সংগীত বিদ্যালয়খনৰ শুভ উন্মোচন কৰে সভাপতি মুনিন্দ্ৰ নাথ বৰাই । অনুষ্ঠানটিৰ আৰম্ভণিতে বৰগীত পৰিৱেশন কৰে প্ৰশিক্ষক পিংকি ৰাজখোৱাৰ সাংস্কৃতিক শিল্পী দলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/f2e1ce8b-29cf-4440-b6e2-e08c5c8fcb22/6ecbd614_45f9_43ef_b336_711486d64ec6.jpg)
ইয়াৰ পিছতে শিল্পীসকলে শংকৰী সত্ৰীয়া নৃত্য,একক নৃত্য আৰু সমূহীয়া খোল বাদন,সত্ৰীয়া নৃত্য আদি পৰিৱেশন কৰি ভক্তপ্ৰাণ ৰাইজৰ মন-প্ৰাণ প্ৰশান্তিৰে ভৰাই তোলে। সামৰণি সভাখনত ভাষণ প্ৰদান কৰে জিলা সাংস্কৃতিক সভাপতি গোলাপ গোহাঁই,শংকৰী সংগীত বিদ্যালয়ৰ সভাপতি তুলসী মোহন বৰা,অধ্যক্ষ নৰেন্দ্ৰ বৰা,মূলৰ সদস্য ড০ স্বৰাজ মোহন বৰা,জয় ৰাজখোৱা,ৰবিৰাম শইকীয়া,প্ৰদ্যুম্ন বৰা,আনন্দ বৰা, পদ্মকান্ত ফুকনকে ধৰি কেইবাজনো ব্যক্তিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/61957178-d9e2-45a2-8f16-39bcf9330ef5/183529e3_196a_48b3_beaf_72f8912de6a6.jpg)
উক্ত অনুষ্ঠানতে প্ৰশিক্ষক পিংকি ৰাজখোৱা ,অমৰ জ্যোতি ভূঞা ,প্ৰশান্ত কোঁৱৰ আৰু শ্যামলিমা বৰাক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয় । আজিৰ অনুষ্ঠানটিত শতাধিক প্ৰশিক্ষাৰ্থীয়ে নিজৰ কলা -প্ৰতিভা প্ৰদৰ্শন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/b410a8f8-8a99-48c0-87e4-a99ef361ada3/c99e4a4f_4b98_4211_86c9_2073b1260c6b.jpg)
আনহাতে জিলা শাখা কৰ্তৃপক্ষই জনোৱা অনুসৰি বৰ্তমান শংকৰ সংঘৰ জিলা নামঘৰৰ শংকৰী সংগীত বিদ্যালয়খনত নাম ভৰ্তি চলি আছে । সকলো ধৰ্মাৱলম্বীলোকৰ বাবে মুকলি থকা বিদ্যালয়খনত নামভৰ্তি কৰি সহায় সহযোগিতা আগবঢ়াবলৈ জিলা শাখাৰ সভাপতি মুনিন্দ্ৰ নাথ বৰা আৰু সংগীত বিদ্যালয়ৰ সভাপতি তুলসী মোহন বৰাই ভক্তপ্ৰাণ ৰাইজ তথা অভিভাৱকলৈ অনুৰোধ জনাইছে ।
Also Read: মহানগৰীত কুৰিৰো অধিক শিশুৰ দ্বাৰা মঞ্চস্থ হ'ব "শালিকী আৰু বেজ"