কিদৰে এনকাউণ্টাৰ হ'ল শ্বাহ আলমৰ? আৰক্ষীয়ে ক'লে এনেদৰে...

কিদৰে এনকাউণ্টাৰ হ'ল শ্বাহ আলমৰ? আৰক্ষীয়ে ক'লে এনেদৰে...
কিদৰে এনকাউণ্টাৰ হ'ল শ্বাহ আলমৰ? আৰক্ষীয়ে ক'লে এনেদৰে...

ডিজিটেল ডেস্কঃ ৰঞ্জিত বৰা হত্যাকাণ্ডৰে জড়িত মূল অভিযুক্ত শ্বাহ আলমৰ এনকাউণ্টাৰ সন্দৰ্ভত আৰক্ষীৰ সংবাদ মেল। সংবাদ মেলত আৰক্ষীয়ে প্ৰকাশ কৰিলে কিদৰে শ্বাহ আলমৰ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হ'ল।

এই সন্দৰ্ভত সংবাদ মেল সম্বোধন কৰি DCP সুৰজিৎ সিং পানেছৰে কয় যে, আৰক্ষীৰ জিম্মাৰ পৰা পলাই যোৱাৰ সময়ত শ্বাহ আলমৰ হাতত নাছিল হেণ্ডকাফ।

তেওঁ কয়, আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰি শ্বাহ আলমে আমচিং যোৰাবাটৰ এটা পৰি ত্যক্ত ঘৰত আত্মগোপন কৰি আছিল। এই সন্দৰ্ভত খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে ঘৰটো ঘেৰাও কৰিছিল। তাৰ পৰাই আৰক্ষীৰ গালৈ লক্ষ্য কৰি কৰি শ্বাহ আলমে পইণ্ট ২২ পিষ্টলেৰে আক্ৰমণ কৰিছিল।

ইয়াৰ উপৰিও তেওঁ কয়, শ্বাহ আলমে আক্ৰমণ কৰাৰ বাবে আৰক্ষীয়েও প্ৰত্যুত্তৰত গুলীয়াবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত শ্বাহ আলম আহত হয় আৰু আৰক্ষীয়ে তেওঁক ততাতৈয়াকৈ জি এম চি এইছত ভৰ্তি কৰাই যদিও তেওঁক চিকিৎসকে মৃত ঘোষণা কৰে। ট

ইফালে শ্বাহ আলমে আশ্ৰয় লোৱা ঘৰটোৰ পৰা আৰক্ষীয়ে এটা সজীৱ গুলীৰ সৈতে ৩ টা খালী কাৰ্টিজ উদ্ধাৰ কৰিছে। আৰক্ষীৰ জিম্মাৰ পৰা শ্বাহ আলম কিদৰে পলায়ন কৰিলে সেই বিষয়েও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

কিদৰে এনকাউণ্টাৰ হ'ল শ্বাহ আলমৰ? আৰক্ষীয়ে ক'লে এনেদৰে...
আজিৰে পৰা আৰম্ভ হৈছে নৰ্থ ইষ্ট অপেন গল্ফ চেম্পিয়নশ্বিপ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in