আজিৰে পৰা আৰম্ভ হৈছে নৰ্থ ইষ্ট অপেন গল্ফ চেম্পিয়নশ্বিপ...

আজিৰে পৰা আৰম্ভ হৈছে নৰ্থ ইষ্ট অপেন গল্ফ চেম্পিয়নশ্বিপ...

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা আৰম্ভ হৈছে নৰ্থ ইষ্ট অপেন গল্ফ চেম্পিয়নশ্বিপ...

আজিৰে পৰা আৰম্ভ হৈছে নৰ্থ ইষ্ট অপেন গল্ফ চেম্পিয়নশ্বিপ...

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হৈছে নৰ্থ ইষ্ট অপেন গল্ফ চেম্পিয়নশ্বিপ। গুৱাহাটীৰ নাৰেংগীস্থিত আৰ্মি গল্ফ ক'ৰ্চত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতা ১৯ ফেব্ৰুৱাৰীৰ বিয়লি সমাপ্ত হ'ব।

Advertisment

অসম গল্ফ সন্থাৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ৫ খন ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। অংশগ্ৰহণকাৰী ৰাজ্য কেইখন ক্ৰমে অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয়।

এইবাৰৰ প্ৰতিযোগিতাখনত পুৰুষ আৰু মহিলা মিলাই মুঠ ১০০ গৰাকী খেলুৱৈৰ সমাৱেশ ঘটিছে। উল্লেখ্য যে সম্ভ্ৰান্ত আৰু আঢ্যৱন্ত লোকৰ খেল বুলি পৰিচিত গল্ফ খেলিবলৈ এতিয়া সাধাৰণ শ্ৰেণীৰ লোকে ওলাই আহিছে। যাৰ বাবে গল্ফৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।

নৰ্থ ইষ্ট অপেন গল্ফ প্ৰতিযোগিতাত তেনে এগৰাকী প্ৰতিযোগিয়ে বিশেষ চৰ্চা লাভ কৰিছে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ডিব্ৰুগড়ৰ আশ্ৰফ আলীয়ে বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে।

গুৱাহাটীৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত হৈ থকা আশ্ৰফে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্বপ্ৰতিভাৱ দাঙি ধৰিবলৈ সক্ষম হৈছে। ইতিপূৰ্বে তেওঁ মেঘালয় অপেন, ডিগবৈ অপেনত প্ৰতিযোগিতা খেলি অভিজ্ঞতা সঞ্চয় কৰিছে।

Also Read: প্ৰশ্ন কাকত ফাদিলক কেন্দ্ৰ কৰি অৰুণাচলত অব্যাহত প্ৰতিবাদ

নৰ্থ ইষ্ট অপেন গল্ফ চেম্পিয়নশ্বিপ