/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/c582b226-0e15-404d-8c8e-2ad44df1ce9f/AP_FOR_WEB_RONGALI.jpg)
বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ 'ৰঙালী'...
ডিজিটেল সংবাদ গুৱাহাটীঃ অসম তথা উত্তৰ-পূবৰ বাৰে ৰহনীয়া সংস্কৃতিৰ প্ৰসাৰ, সমন্বয়, সৃষ্টিশীলতা আৰু থলুৱা বজাৰ সৃষ্টিৰ লক্ষ্যৰে আয়োজিত চাৰিদিনীয়া ৰঙালী উৎসৱৰ সপ্তম সংস্কৰণ বৃহস্পতিবাৰে বিভিন্ন কাৰ্যকলাপ, প্ৰদৰ্শনী আৰু প্ৰদৰ্শনেৰে আৰম্ভ হয়। গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এই অনুষ্ঠানৰ উদ্দেশ্য ৰাজ্যখনৰ অনন্য সংস্কৃতিৰ প্ৰচাৰ আৰু থলুৱা উদ্যমীতাৰ প্ৰসাৰ।
ৰঙালীৰ অন্যতম মুখ্য আকৰ্ষণ বৃহস্পতিবাৰে আৰম্ভ হোৱা 'ভ'কেল ফৰ ল'কেল' প্ৰদৰ্শনী। প্ৰদৰ্শনীখনৰ উদ্দেশ্য হৈছে স্থানীয় সামগ্ৰী আৰু উদ্যোগৰ প্ৰচাৰ আৰু প্ৰসাৰ। স্থানীয় চিত্ৰশিল্পীসকলৰ কলা প্ৰদৰ্শনী আছিল আজিৰ দিনটোৰ অন্যতম আকৰ্ষণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/e4f5cd8d-4954-4195-9797-5095e0a3d105/341863981_232846706085457_3393460063226439018_n.jpg)
ৰঙালীৰ লোক মঞ্চই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈচিত্ৰ্যতাৰ মাজৰ ঐক্য উপস্থাপন কৰে। সাত ভনী আৰু ছিকিমৰ শিল্পীসকলৰ পৰম্পৰাগত সংস্কৃতিৰ প্ৰদৰ্শন আছিল চকু জুৰোৱা।
লোক মঞ্চখনৰ উদ্বোধন হয় দিক্ষীতা কোঁৱৰৰ দ্বাৰা পৰিৱেশিত বৰগীতেৰে। মাল্টিকুইজিন ফুড কৰ্টৰ বৈশিষ্ট্যতা প্ৰকাশ কৰে উত্তৰ পূব তথা সমগ্ৰ দেশৰে বিস্তৃত খাদ্য প্ৰকাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/76377c6d-8772-453e-8c9f-2cad17320756/6e2486dc_a66e_454d_ac63_6c69efab9200.jpg)
সন্ধিয়া ৬ বজাত আৰম্ভ হোৱা 'গুড ভাইবছ' ষ্টেজত আছিল বহু জনপ্ৰিয় শিল্পীৰ মনোমোহা প্ৰদৰ্শন। গুৱাহাটী প্ৰেছ ক্লাৱৰ সৌজন্যত আয়োজিত সাংবাদিকৰ বিহু দলে উপস্থিত দৰ্শকক বিহুৰ সুকীয়া আমেজ প্ৰদান কৰে।
বৃহৎ সংখ্যক দৰ্শকক আকৰ্ষণ কৰিছিল প্ৰতিধ্বনি, ঐশ্বৰ্য শইকীয়া, বিশ্ৰুত শইকীয়া, প্ৰিয়ংকা ভৰালী আৰু নিলোৎপল বৰাৰ সংগীতানুষ্ঠানে।
সমন্বয়, সৃষ্টিশীলতা আৰু থলুৱা বজাৰ সৃষ্টিৰ লক্ষ্যৰে অনুষ্ঠিত ৰঙালীয়ে ইতিমধ্যে সকলোৰে মাজত যথেষ্ট উত্তেজনা আৰু কৌতূহলৰ সৃষ্টি কৰিছে। ৰাজ্য আৰু দেশৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তি আৰু অংশগ্ৰহণকাৰীসকলৰ উপস্থিতিত অসমৰ মন্ত্ৰী অশোক সিংঘাল আৰু নন্দিতা গাৰ্লোচাই আনুষ্ঠানিকভাৱে চাৰিদিনীয়া এই উৎসৱৰ শুভাৰম্ভণি কৰে।
ৰাজ্যৰ গৃহ আৰু নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালে কয় যে, গুৱাহাটী হৈছে উত্তৰ-পূবৰ প্ৰৱেশদ্বাৰ। আমি সুখী যে গুৱাহাটীত ৰঙালীৰ দৰে এটা অনুষ্ঠান হৈ আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/b003cc3b-6bcb-461d-8c84-695437eff40a/c7b8ce09_ea94_4656_84d2_9fd20d4a260e.jpg)
সিংঘালে আশা প্ৰকাশ কৰে যে ৰঙালীৰ পৰিসৰ আৰু বৃদ্ধি হৈ ই ভাৰতৰে মুখ্য এক উৎসৱত পৰিণত হ'ব। মন্ত্ৰী সিংঘালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুৱাহাটীৰ বিভিন্ন উন্নয়নমূলক পৰিকল্পনাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি মত প্ৰকাশ কৰে যে অনাগত সময়ত গুৱাহাটী দক্ষিণ পূব এছিয়াৰে এক মুখ্য কেন্দ্ৰ হৈ পৰিব।
শক্তি, কৰ্পাৰেশ্যন, খনি আৰু খনিজাত সম্পদৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই ৰঙালীৰ পৰিৱেশক বিভিন্ন জনজাতি আৰু সম্প্ৰদায়ৰ মিলনক্ষেত্ৰ বুলি অভিহিত কৰি কয় যে এই অনুষ্ঠানে পৰস্পৰৰ মাজত সম্প্ৰীতি বৃদ্ধি কৰিছে। তেওঁ উল্লেখ কৰে যে ডিমা হাচাওৱে ৰঙালীত কিছু বিশেষ অনুষ্ঠান পৰিৱেশনৰ প্ৰস্তুতি চলাই আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/099b40ce-4c1a-491c-8eea-98457ac8da80/f39f3112_6e60_491b_8223_0de7562e185f.jpg)
ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে সকলোকে ডিমা হাচাও জিলাৰ সৌন্দৰ্য উপভোগৰ বাবে পাহাৰীয়া জিলাখন ভ্ৰমণ কৰিবলৈ আহ্বান জনায়। অসম চৰকাৰ, এম এছ এম ই মন্ত্ৰালয়, ভাৰত চৰকাৰ, এন ই চি, ড'নাৰ মন্ত্ৰালয় আৰু অন্যান্য সংস্থাৰ সমৰ্থনত, ৰঙালী উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ সামাজিক-সাংস্কৃতিক সংগঠন ট্ৰেণ্ড এমএমএছৰ দ্বাৰা পৰিচালিত এক অনুষ্ঠান।
ৰঙালীৰ আঁৰৰ প্ৰধান ব্যক্তি শ্যামকানু মহন্তই কয় যে, এইখন এনে এখন মঞ্চ যি যুৱ প্ৰতিভা আৰু উদ্যোগীসকলক পৰৱৰ্তী পৰ্যায়লৈ যাবলৈ সুবিধা প্ৰদান কৰে। এয়া আশা আৰু সম্ভাৱনাৰ উৎসৱ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/40b93fcb-1cfb-4246-8141-2e5112c8b83c/e8cc63b3_89e2_4ff9_a9ee_329e1560394d.jpg)
Also Read: চাৰ্কাছৰ মাজতেই দৰ্শকৰ মাজলৈ সিংহই মাৰিলে জাঁপ, তাৰ পাছত...