বায়ুসেনাৰ বাহনে মহটিয়ালে স্কুল ভানকঃ নিহত এজন

বায়ুসেনাৰ বাহনে মহটিয়ালে স্কুল ভানকঃ নিহত এজন

author-image
Asomiya Pratidin
New Update
বায়ুসেনাৰ বাহনে মহটিয়ালে স্কুল ভানকঃ নিহত এজন

ডিজিটেল ডেস্কঃ বৰঝাৰ বিমানবন্দৰৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বায়ু সেনাত কৰ্মৰত লোকে মহতিয়াই নিলে এখন স্কুল বাহনক। দুৰ্ঘটনাটোত থিতাতে নিহত হয় ১জন আৰু আহত হয় ৮জনৰো অধিক ছাত্ৰ-ছাত্ৰী ।

Advertisment

উল্লেখযোগ্য যে বঙৰাৰ পৰা বৰঝাৰ বিমানবন্দৰৰ সমীপত থকা ছেইণ্ট ক্লেৰেট স্কুললৈ শিক্ষাৰ্থী নিয়াৰ সময়তে বিপৰীতমুখী তীব্ৰ বেগেৰে অহা এখন বাহনে খুন্দিয়াই। ফলত ৮জনৰো অধিক ছাত্ৰ-ছাত্ৰী আহত হয়। ইয়াৰে চুহানী (৬), চুজান আলী আহমেদ (১৪), আদ্ৰেজা বেগম (১২), চাহিন আফ্ৰিন (৮) নামৰ শিক্ষাৰ্থী কেইজনৰ অৱস্থা অতি গুৰুত্বজনক।

লগতে বাহনত থকা চালক ভাস্কৰ কুমাৰ থিতাতে নিহত হয় আৰু পৱিত্ৰ কুমাৰ নামৰ লোকজন আহত হয়। দুৰ্ঘটনাত পতিত স্কুল বাহনৰ নম্বৰ এ এছ ০১ বি বি২১০২ আৰু বায়ু সেনাৰ লোকজনৰ গাড়ীৰ নম্বৰ ২৩বিএইচ৫০২৭। তীব্ৰ বেগেৰে স্কুল বাহনক খুন্দিয়াই পলায়ন কৰে বায়ু সেনাৰ লোকজন। পৰবৰ্তীসময়ত ঘটনাস্থলীত বায়ু সেনা আৰক্ষীৰ বিষয়া উপস্থিত হয় ।

Also Read: দিল্লী এৰি অসমলৈ আহিল আই পি এছ সংযুক্তা পৰাশৰ...

air force road accident