দিল্লী এৰি অসমলৈ আহিল আই পি এছ সংযুক্তা পৰাশৰ...

কেন্দ্ৰীয় ডেপুটেচনত নিয়াত কৰ্মৰত আছিল বিষয়াগৰাকী

author-image
Asomiya Pratidin
New Update
দিল্লী এৰি অসমলৈ আহিল আই পি এছ সংযুক্তা পৰাশৰ...

দিল্লী এৰি অসমলৈ আহিল আই পি এছ সংযুক্তা পৰাশৰ...

ডিজিটেল ডেস্কঃ সাহসী আৰক্ষী বিষয়া ড০ সংযুক্তা পৰাশৰ (আই পি এছ) উভতিল অসমলৈ। ২০১৭ তে কেন্দ্ৰীয় টেপুটেচনলৈ যোৱা আৰক্ষী বিষয়াগৰাকীয়ে অসলৈ প্ৰত্যাৱৰ্তন কৰি চি আই ডিৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰিছে। উল্লেখ্য যে, কেন্দ্ৰীয় ডেপুটেচনত থকাৰ সময়ত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াত কৰ্মৰত হৈ আছিল পৰাশৰ।

Advertisment

অসমত থকাৰ সময়ছোৱাত সংযুক্তা পৰাশৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সমুখৰ পৰা সাহসিকতাৰে যুঁজ কৰি সফলতা লাভ কৰাই নহয়, চৰ্চিতও হৈ পৰিছিল। শোণিতপুৰৰ আৰক্ষী অধীক্ষক হৈ থকা সময়ত তেওঁ জিলাখনৰ একাধিক অঞ্চলত এন ডি এফ বিৰ বিৰুদ্ধে কেইবাটাও সফল অভিযান চলাইছিল।

তেনে এক অভিযানৰ পৰা ঘূৰি অহাৰ পথতে বাটাচিপুৰত এন ডি এফ বিৰ গুলীত গুলজাৰ হুছেইন নামৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকে প্ৰাণ হেৰুৱাইছিল। এন ডি এফ বিৰ এনে নৃশংসতাৰ প্ৰত্যুত্তৰ দিছিল সংযুক্তা পৰাশৰে।

তেওঁ এন ডি এফ বিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি কেইবাটাও এন ডি এফ বিক ধাৰাসায়ী কৰিছিল। তেওঁ ২০১৩ চনত ১৭২ টা আৰু ২০১৪ত ১৭৫ টা উগ্ৰপন্থীক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল

উল্লেখ্য যে ২০০৬ চনত সৰ্বভাৰতীয় লোকসেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁ ৮৫ সংখ্যক স্থান দখল কৰিছিল। ইয়াৰ পিছতে তেওঁ মাকুমত সহকাৰী কামাণ্ডেণ্ট হিচাপে নিযুক্তি লাভ কৰিছিল আৰু পৰৱৰ্তী সময়ত শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব লৈছিল। শোণিতপুৰৰ আৰক্ষী অধীক্ষক হৈ থকাৰ সময়তে তেওঁ দেশজুৰি চৰ্চিত হৈ পৰিছিল।

Also Read: মহিলাই দখল কৰিলে ভোটগ্ৰহণ কেন্দ্ৰঃ মণিপুৰত ব্যাহত ভোটগ্ৰহণ প্ৰক্ৰিয়া...

অসম আৰক্ষী