মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত এজন

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত এজন

author-image
Asomiya Pratidin
New Update
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত এজন

ডিজিটেল ডেস্কঃ মহানগৰীত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বৰাগাঁৱৰ হোটেল ৰেডিছন ব্লুৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। মঙলবাৰে নিশা ২খন ডাম্পাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।

এই দুৰ্ঘটনাৰ ফলত থিতাতে নিহত এজন ডাম্পাৰ চালক। নিহত চালকজনক মুকুট আলী বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাটোত আহত আন ৩জন লোকো গুৰুতৰভাৱে আহত হয়। আহতসকলক ততাতয়াকৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্রেৰণ কৰা হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে। পৰৱৰ্তীসময়ত এই দুৰ্ঘটনাৰ ফলত ৰাষ্ট্রীয় ঘাইপথছোৱাত যথেষ্ট যান-জঁটৰ সৃষ্টি হয়।

Also Read: মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ

road accident