গণেশগুৰি উৰণ সেতুত ভয়াৱহ দুৰ্ঘটনাঃ থিতাতে নিহত বাইক আৰোহী...

হাইড্ৰা বাহনে মহটিয়াই নিলে বুলেট আৰোহীক

author-image
Asomiya Pratidin
New Update
কাকপথাৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ধ্রুৱজ্যোতি ডেকাৰ

গণেশগুৰি উৰণ সেতুত ভয়াৱহ দুৰ্ঘটনাঃ থিতাতে নিহত বাইক আৰোহী...

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ মজামজিয়াত গণেশগুৰিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন বাইক আৰোহী।

Advertisment

গণেশগুৰি উৰণসেতুৰ ওপৰত হোৱা এই দুৰ্ঘটনাত এখন মটৰ চাইকেল আৰু হাইড্ৰা বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয়। দুৰ্ঘটনাত নিহত বাইক আৰোহীজনৰ পৰিচয় এই পৰ্যন্ত লাভ কৰা নাই। নিহত লোকজনৰ মৃতদেহ ইতিমধ্যে জি এম চি এইছলৈ প্ৰেৰণ কৰা হৈছে।

দুৰ্ঘটনাগ্ৰস্ত বুলেট বাইকখনৰ নম্বৰ এ এছ ০১ এফ এফ ৬৬৪২। জানিব পৰা মতে হাইড্ৰা বাহনখনে মটৰচাইকেলখনৰ সন্মুখৰ পৰাই মহটিয়াই নিয়ে। ইয়াৰ পিছতে হাইড্ৰা বাহনখনৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ণ কৰে। দুৰ্ঘটনাৰ ফলত গোটেই পথ চোৱাত তীব্ৰ যানজটৰো সৃষ্টি হৈছে।

Also Read: প্ৰচণ্ড ধুমুহাত ধ্বংস জীৱিকাৰ সম্বল ব্ৰয়লাৰ ফাৰ্মঃ সন্দীপ, শিবানীক লাগে সহায়...

পথ দুৰ্ঘটনা গণেশগুৰি