/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-26/oynoe54j/farm-26.jpg)
প্ৰচণ্ড ধুমুহাত ধ্বংস জীৱিকাৰ সম্বল ব্ৰয়লাৰ ফাৰ্মঃ সন্দীপ, শিবানীক লাগে সহায়...
ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলঙ জিলাৰ ৰংকুটৰ ৪ নং ব্লকত বুধবাৰে নিশাৰ ভাগত অহা প্ৰচণ্ড ধুমুহা-বৰষুণৰ ফলত সন্দীপ নাথ নামৰ ব্যক্তি জনৰ ব্রয়লাৰ ফাৰ্মখন ভাঙি বাগৰি পৰাত ক্ষতিগ্ৰস্ত হয়। পত্নী শিবানী নাথৰ নামত থকা উক্ত ব্ৰয়লাৰ ফাৰ্মখন ভাঙি পৰাত পৰিয়ালটোলৈ নামি আহিছে ঘোৰ অমানিশা ।
চাৰি বছৰ পূৰ্বে আৰম্ভণি কৰা ব্ৰয়লাৰ ফাৰ্মখন ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হোৱাত মুঠ আঢ়ৈ লাখ টকাৰ সামগ্ৰীৰ লোকচান হৈছে বুলি পত্নী শিবানী নাথে প্ৰকাশ কৰে। পৰিয়ালটোৰ উপাৰ্জন তথা পোহপালৰ একমাত্ৰ ভৰশাৰস্থল আছিল ব্রয়লাৰ ফাৰ্ম খন।
ফাৰ্মখনৰ স্বত্বাধিকাৰী শিবানী নাথৰ ভাষ্য অনুসৰি বহুতো গোট আৰু বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণৰ সহায়ত আৰম্ভ কৰিছিল উপাৰ্জনৰ কেন্দ্ৰ বিন্দু হিচাপে উক্ত ব্ৰয়লাৰ ফাৰ্মখন।সেয়ে উপায়হীন হৈ সংবাদ মাধ্যমৰ যোগেদি সন্দীপ নাথ আৰু পত্নী শিবানী নাথে স্থানীয় জনপ্ৰতিনিধি, বিধায়ক তথা কাৰ্বি আংলঙ স্বায়ত্ত্ব শাসিত পৰিষদৰ বিভাগীয় কৰ্তৃপক্ষক আৰু অসম চৰকাৰক আৰ্থিক সাহায্য প্ৰদান কৰি পৰিয়ালটোক সকাহ দিবলৈ কাতৰ অনুৰোধ জনায়।
Also Read: সাহিত্য সাধনা মঞ্চ, অসমৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উদযাপণ...