১৯৫ খন দেশৰ পতাকা চিনাক্তকৰণেৰে ৰিয়াঞ্চে গঢ়িলে বিশ্ব অভিলেখ...

গুৱাহাটীৰ ৰিয়াঞ্চ ছোমানিয়ে গঢ়িলে বিশ্ব অভিলেখ । আঠ বছৰ বয়সতে ৰিয়াঞ্চে মাত্ৰ ১ মিনিট ৪৯ ছেকেণ্ড আৰু ১৭ নেনো ছেকেণ্ডত ১৯৫ খন দেশৰ ৰাষ্ট্ৰীয় পতাকা চিনাক্তকৰণেৰে বিশ্ব অভিলেখ গঢ়ি গ'ল্ডেন বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতি লাভ কৰিছে
১৯৫ খন দেশৰ পতাকা চিনাক্তকৰণেৰে ৰিয়াঞ্চে গঢ়িলে  বিশ্ব অভিলেখ...

ডিজটেল ডেস্কঃ গুৱাহাটীৰ ৰিয়াঞ্চ ছোমানিয়ে গঢ়িলে বিশ্ব অভিলেখ । আঠ বছৰ বয়সতে ৰিয়াঞ্চে মাত্ৰ ১ মিনিট ৪৯ ছেকেণ্ড আৰু ১৭ নেনো ছেকেণ্ডত ১৯৫ খন দেশৰ ৰাষ্ট্ৰীয় পতাকা চিনাক্তকৰণেৰে বিশ্ব অভিলেখ গঢ়ি গ'ল্ডেন বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতি লাভ কৰিছে ।

'ফাষ্টেষ্ট ৰিক'গনিচন অব্ নেচনেল ফ্লেগছ'ৰ প্ৰমাণপত্ৰ লাভ কৰিছে ছাত্ৰগৰাকীয়ে । ছাত্ৰগৰাকীৰ এই সাফল্যৰ বাবে শুভাকাংক্ষীসকলে অভিনন্দন আৰু শুভেচ্ছা জনাইছে । উল্লেখ্য যে ৰিয়াঞ্চে ইয়াৰ পূৰ্বে সাত বছৰ বয়সত মাত্ৰ পাঁচ মিনিটত ৩×৩ ৰুবিক কিউবত ৪৬ খন দেশৰ পতাকা উপস্থাপন কৰি ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ আৰু এছিয়া বুক অব্ ৰেকৰ্ডছত নিজৰ নাম অন্তভুক্ত কৰিবলৈ সক্ষম হৈছে ।

মহানগৰীৰ সংস্কৃতি দা গুৰুকুল স্কুলৰ ছাত্ৰ ৰিয়াঞ্চ । ইমান কম বয়সতে নিজৰ নাম বিশ্ব ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা ৰিয়াঞ্চ হৈছে গুৱাহাটী নিবাসী সীমা ছোমানি আৰু বৰুণ ছোমানিৰ পুত্ৰ ।

১৯৫ খন দেশৰ পতাকা চিনাক্তকৰণেৰে ৰিয়াঞ্চে গঢ়িলে  বিশ্ব অভিলেখ...
চৰাইদেউত যুৱকৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in