চৰাইদেউত যুৱকৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য...

চৰাইদেউ জিলাৰ মথুৰাপুৰ মাজগাঁৱত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। পথৰ দাঁতিত উদ্ধাৰ হ’ল এজন যুৱকৰ মৃতদেহ।

author-image
Asomiya Pratidin
New Update
চৰাইদেউত যুৱকৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য...

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ মথুৰাপুৰ মাজগাঁৱত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। পথৰ দাঁতিত উদ্ধাৰ হ’ল এজন যুৱকৰ মৃতদেহ। মৃত যুৱকজন ভকত জংঘল গাঁৱৰ বিকাশ গোৱালা (২৯) বুলি জানিব পৰা গৈছে ৷ সোমবাৰে আবেলি ঘৰৰ পৰা ওলাই যোৱা বিকাশ নিশালৈ ঘৰলৈ উভতি অহা নাছিল ।

Advertisment

মঙলবাৰে পুৱা পথৰ কাষতে থকা এজোপা গছৰ তলত বিকাশৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে। যুৱকজনক কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় একাংশই ৷ ঘটনাস্থলীত মথুৰাপুৰ থানাৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

Also Read: প্ৰাক্তন প্ৰেমিকৰে প্ৰেয়সীৰ সম্পৰ্ক থকাৰ বাবেই হত্যা ১৬ বছৰীয়া কিশোৰীক, নাই কোনো অনুশোচনা...

charaideu YOUTH DEATH