দ্বিতীয় বৰ্ষপূৰ্তিত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক শূন্য নম্বৰ দিলে তৃণমূল কংগ্ৰেছে...

দ্বিতীয় বৰ্ষপূৰ্তিত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক শূন্য নম্বৰ দিলে তৃণমূল কংগ্ৰেছে...
দ্বিতীয় বৰ্ষপূৰ্তিত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক শূন্য নম্বৰ দিলে তৃণমূল কংগ্ৰেছে...

ডিজিটেল ডেস্কঃ ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ প্ৰাক মুহূৰ্তত সমালোচনাত সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ দল। সোমবাৰে দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই সম্বোধন কৰা সংবাদমেলত ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্যৰ্থতাৰ চূড়ান্ত শিখৰত উপনীত হোৱা বুলি মন্তব্য কৰে।

সভাপতি বৰাই কয়, 'আজি ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বাহিৰত বৰ বৰ কথাৰে ফিতাহি মাৰি আহিছে। শেহতীয়াকৈ কৰ্ণাটকৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰত অংশ লৈ ড° শৰ্মাই দম্ভালি মাৰি থকা দেখা পাইছো।

কিন্তু তেওঁৰ নিজৰ ৰাজ্যত সকলো ক্ষেত্ৰতে ব্যৰ্থতাৰ পাহাৰ। আজি ৰাজ্যখনত মহিলাৰ ওপৰত অপৰাধৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি হৈছে। এনচিআৰবিৰ তথ্য অনুসৰি এই ক্ষেত্ৰত ভাৰতবৰ্ষৰ হাৰ ৬৪.৫ শতাংশৰ বিপৰীতে অসমৰ হাৰ ১৬৮.৩ শতাংশ।

আনহাতে জনমূৰি আয়ৰ ক্ষেত্ৰতো অসম দেশৰ ভিতৰতে পিছ পৰা। ৮৪,৬৩৮ টকাৰে এই ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত অসমৰ স্হান ২৮ নম্বৰত। চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা, অৰুণাচল, মেঘালয়, মিজোৰামতকৈও কম অসম জনমূৰি আয়। অৰ্থাৎ অৰ্থনৈতিক ক্ষেত্ৰত চূড়ান্ত ব্যৰ্থ এই চৰকাৰ।

ইয়াৰ বিপৰীতে ৰাজ্যখন ১ লাখ ৪২ হাজাৰ কোটি টকাৰ ঋণত পোত গৈ আছে। এই ঋণৰ বাবে ভয়াৱহ বিত্তীয় সংকটৰ সন্মুখীন হৈছে ৰাজ্যখন। কিন্তু কোনো চিন্তা চৰ্চা নাই। আজি প্ৰতিজন ব্যক্তিৰ ওপৰত ৩৭ হাজাৰ টকাৰ ঋণ জাপি দি জনতাক দৰিদ্ৰৰ পৰা দৰিদ্ৰ কৰি লৈ গৈ আছে।

ইয়াৰ বিপৰীতে সকলোতে অভাৱনীয় মূল্যবৃদ্ধিৰে গেলাতে টেঙা দি ৰাইজক হাৰাশাস্তি কৰিছে বিজেপি চৰকাৰে। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে টোলকৰ, পৌৰকৰ, সম্পত্তি কৰ আদি কতো বাকী নৰখাকৈ বৃদ্ধি কৰি জনজীৱন দুৰ্বিসহ কৰি তুলিছে।

যোৱা বছৰৰ মে' মাহৰ ভিতৰত গণি গণি এক লাখ লোকক চাকৰি দিম বুলি কোৱা ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দ্বিতীয় বৰ্ষপূৰ্তিৰ সময়ত মাত্ৰ ৩৮-৩৯ হাজাৰকহে সংস্হাপন সম্ভৱ কৰিব পাৰিছে। মুঠতে এইখন কেৱল ভাষণৰ ফুলজাৰিত চলি থকা চৰকাৰ।

কোটি কোটি টকা খৰচ কৰি বৰ্ষপূৰ্তি পাতিবলৈ ওলোৱা চৰকাৰখনৰ স্বৰূপটো 'ভিতৰত ঢকুৱাৰ বেৰ, বাহিৰত বৰ চুৰিয়াৰ ফেৰ'ৰ নিচিনা হৈছে। এই চৰকাৰখনে শূন্য নম্বৰ পোৱাৰহে যোগ্য। নম্বৰ পাবলগাকৈ একো কামেই কৰা নাই চৰকাৰখনে।

আনহাতে একাউণ্টাৰৰ জৰিয়তে মানৱাধিকাৰ ভংগৰ ক্ষেত্ৰতো অভিলেখ ভংগ কৰিছে। পৰিস্থিতি এনেকুৱা হৈছেগৈ যে স্বয়ং উচ্চ ন্যায়ালয়ে মানৱাধিকাৰ ভংগৰ নিজাববীয়া গোচৰ ৰুজু কৰি চৰকাৰক সকীয়াবলগীয়া হৈছে।

কামত চৌদিশত বিফল হ'লেও প্ৰচাৰৰ ক্ষেত্ৰত ধন ব্যয়ত কিন্তু অভিলেখ স্হাপন কৰি মাত্ৰ দুবছৰতে বিজ্ঞাপনৰ নামত ১৩০.৫৯ কোটি টকা খৰচ কৰিছে ৰাজ্য চৰকাৰখনে। এই ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল চৰকাৰে ৫ বছৰত ১২৫.৬ কোটি খৰচ কৰিছিল।'

সংবাদমেলত ৰাজ্য চৰকাৰখনৰ বিফলতাৰ তথ্য দাঙি ধৰি অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কয়,'আজি চৰকাৰখন সকলো দিশতে বিফল। যিখন চৰকাৰে প্ৰধানমন্ত্ৰী বা কোনো বৰ বৰ নেতা আহিলে কোটি কোটি টকা খৰচ কৰি অনুষ্ঠান আয়োজন কৰিব পাৰে, নেতাসকলে ৰাজকোষৰ ধন শৰাধ কৰি চাৰ্টাৰ্ড ফ্লাইটত উঠি ঘূৰি ফুৰিব পাৰে, সেইখন চৰকাৰৰ দিনত অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ অৱস্হা একেবাৰে পয়ালগা।

আজি বিজেপি চৰকাৰৰ বাবে ১১০৯ খন শিক্ষানুষ্ঠানে চূড়ান্ত আৰ্থিক সংকটৰ ভুগিব লগা হৈছে। ইয়াৰ ভিতয়ত ৮৭৪ খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ২৩৫ খন জুনিয়ৰ কলেজ।

ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বাবেই শিক্ষানুষ্ঠানসমূহৰ আজি এই অৱস্থা হৈছে। ড° হিমন্ত বিশ্ব শৰ্মাই কৰা বিনামূলীয়া নামভৰ্তিৰ ঘোষণাৰ বাবেই এই পৰিৱেশ সৃষ্টি হৈছে। শিক্ষানুষ্ঠানসমূহক বাৰ্ষিক ২ লাখ টকাতকৈ কম উপাৰ্জনক্ষম পৰিয়ালৰ সন্তানৰ বিনামূলীয়া নামভৰ্তিৰ বাবে আহ্বান জনাই সেই ধন চৰকাৰৰ তৰফৰ পৰা পৰৱৰ্তী সময়ত শিক্ষানুষ্ঠানসমূহক প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল।

চৰকাৰৰ নিৰ্দেশত শিক্ষানুষ্ঠানসমূহে বিনামূলীয়া নামভৰ্তি ঠিকেই কৰি আহিছে যদিও আজিলৈকে চৰকাৰে শিক্ষানুষ্ঠানসমূহক সেই ধন ওভোতাই দিয়া নাই। ফলত বিত্তীয় সংকটৰ গৰাহত পৰিছে শিক্ষানুষ্ঠানসমূহ। ফলত বিদ্যালয়ৰ বিভিন্ন কাম কাজত স্হবিৰতা আহি পৰিছে। এয়া খুবেই দুৰ্ভাগ্যজনক। আমি এনে চৰকাৰক ধিক্কাৰ দিছো।

দুদিন পাছত জাকজমকতাৰে কোটি কোটি টকা খৰচ বৰ্ষপূৰ্তি পাতি ৰাজকোষৰ ধনৰ শৰাধ কৰিব। কিন্তু শিক্ষানুষ্ঠানসমূহৰ পাবলগীয়া ধন প্ৰদান কৰিবলৈ ধন নাই।

দ্বিতীয় বৰ্ষপূৰ্তিত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক শূন্য নম্বৰ দিলে তৃণমূল কংগ্ৰেছে...
ভাল খবৰঃ উদ্বোধনৰ বাবে সাজু শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in