ভাল খবৰঃ উদ্বোধনৰ বাবে সাজু শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ...

ভাল খবৰঃ উদ্বোধনৰ বাবে সাজু শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ...
ভাল খবৰঃ উদ্বোধনৰ বাবে সাজু শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ...

ডিজিটেল ডেস্কঃ অসমৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰ, প্ৰসাৰ, অধ্যয়ন, চৰ্চা, গৱেষণাৰ এক অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ। লখিমপুৰ জিলাৰ নাৰায়ণপুৰত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা এই শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ অহা ১০ মেত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিব।

উল্লেখ্য যে, ২০০৭ চনত সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰিছিল এই কলাক্ষেত্ৰৰ। এই কলাক্ষেত্ৰখন স্থাপন কৰিবৰ বাবে ৪৪ বিঘা ভূমি দান কৰিছিল বদলা পদ্মআতা সত্ৰাধিকাৰ শ্ৰীকান্ত গোস্বামীয়ে। সত্ৰাধিকাৰগৰাকীৰ এই সপোনৰ প্ৰকল্প সম্পূৰ্ণ হৈ উঠাৰ পূৰ্বেই তেওঁ ২০২০ ৰ ফেব্ৰুৱাৰীত ইহ সংসাৰ ত্যাগ কৰিলে।

উল্লেখ্য যে, মাধৱদেৱৰ শিষ্য বদলা পদ্মআতাই ১৬৩৬ চনতে স্থাপন কৰিছিল বদলা পদ্মআতা সত্ৰ। নাৰায়ণপুৰত প্ৰতিষ্ঠা কৰা এই সত্ৰখনেই পৰৱৰ্তী সময়ত হৈ পৰিছিল উজনি অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ অন্যতম মূল কেন্দ্ৰস্থল।

এই সত্ৰখনকেই অসম চৰকাৰে এতিয়া সাংস্কৃতিক ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিছে। সত্ৰখনত যদিও শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে তথাপিও অৱশ্যে মূল সত্ৰ আৰু সত্ৰখনৰ ঐতিহ্যক সুন্দৰকৈ সংৰক্ষণ কৰি ৰখা হৈছে।

মূল সত্ৰৰ কোনো ক্ষতি নোহোৱাকৈ চলোৱা হৈছে এই গোটেই নিৰ্মাণ কাৰ্য। পূৰ্বৰ দৰেই অক্ষত অৱস্থাত আছে সত্ৰৰ কীৰ্তন ঘৰ, আতা গৃহ, সত্ৰাধিকাৰৰ, বৈষ্ণৱৰ বহা আদি।

সত্ৰৰ চৌহদতে থকা ঐতিহাসিক আতা পুখুৰীৰ সৌন্দৰ্যবৰ্ধন কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তোলাৰ লগতৈ ঐতিহ্যবহনকৰি থকা এই পুখুৰীটোৰ সংৰক্ষণৰো ব্যৱস্থা কৰি তুলিল চৰাৰে।

ভাল খবৰঃ উদ্বোধনৰ বাবে সাজু শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ...
গৃহমন্ত্ৰীৰ অসম ভ্ৰমণ স্থগিতঃ ১১ মে'ৰ পৰিৱৰ্তে ২৬ মে'ত দিব চাকৰিৰ নিযুক্তি পত্ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in