১ ফেব্ৰুবাৰীত কাজিৰঙালৈ আহিব জি ২০ৰ প্ৰতিনিধি দল

১ ফেব্ৰুবাৰীত কাজিৰঙালৈ আহিব জি ২০ৰ প্ৰতিনিধি দল
১ ফেব্ৰুবাৰীত কাজিৰঙালৈ আহিব জি ২০ৰ প্ৰতিনিধি দল

ডিজিটেল সংবাদ, কাজিৰঙা : ১ ফেব্ৰুৱাৰীত কাজিৰঙালৈ আহিব জি ২০ ৰ প্ৰতিনিধি দল‌।দলটোক আদৰিবলৈ যুদ্ধকালীন তৎপৰতা চলিছে কাজিৰঙাত।

প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অধ্যক্ষতাত কাজিৰঙাৰ কহঁৰাত অনুষ্ঠিত হয় এখন উচ্চস্তৰীয় বৈঠক।মন্ত্ৰী অতুল বৰা,প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱ,গোলাঘাট, নগাঁও,যোৰহাট, শোণিতপুৰৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে বৈঠকত মিলিত হয় বনমনন্ত্ৰীগৰাকী।

দলটোলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন, চাহ বাগিচা পৰিভ্ৰমণ,পাণবাৰীৰ CWRC দৰ্শন কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বনবিভাগে। উল্লেখ্যে যে পূৰ্বে ৪ ফেব্ৰুৱাৰীত দলটোৱে কাজিৰঙা পৰিভ্ৰমণ কৰাৰ কথা আছিল।

তাৰ প্ৰতি লক্ষ্য ৰাখি ৪ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা, বাগৰি, অগৰাতলি বনাঞ্চল সাধাৰণ পৰ্যটকৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও এতিয়া ১ ফেব্ৰুৱাৰীত সাধাৰণ পৰ্যটকৰ বাবে বন্ধ থাকিব উদ্যানখনৰ তিনিটা বনাঞ্চল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in