/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/f4577f16-205e-4d0e-af8a-4650f85316ad/10.jpg)
ডিজিটেল ডেস্ক : খহি পৰিল অসমীয়া সংগীত জগতৰ এটি নক্ষত্ৰ। অসমীয়া সংগীত জগতক উকা কৰি গ'ল গৈ তেওঁ। নৱবৰ্ষৰ পহিলা পষেকতে ৰাজ্যবাসীক বুৰালে শোক সাগৰত। যশস্বী সংগীত পৰিচালক ভূপেন উজীৰ আৰু নাই।
মঙলবাৰে নিশা গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে সংগীত পৰিচালক ভূপেন উজীৰে। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল শিল্পীগৰাকী।
৬জানুৱাৰীত তেওঁক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছিল শিল্পীগৰাকী। প্ৰয়াত ভূপেন উজীৰৰ মৃত্যু অসমীয়া সংগীত জগতৰ বাবে অপূৰণীয় ক্ষতি হৈ ৰ'ব।
Also Read: অসম গ্ৰন্থমেলা : ৫ কোটি ৫৫ লাখ টকাৰ গ্ৰন্থ বিক্ৰীৰ অভিলেখেৰে সফল সামৰণি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us