/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/8bd4b943-d71a-44d7-aabd-7dae1cb506c5/AP_FOR_WEB_book_fair_2.jpg)
ডিজিটেল ডেস্ক : সাহিত্য-সংস্কৃতি, ভাষাতত্ব-ইতিহাসৰ এলানি বৰ্ণিল কাৰ্যক্ৰমণিকাৰে ১২ দিনীয়াকৈ আয়োজন কৰা হৈছল অসম গ্ৰন্থমেলা,গুৱাহাটী। আনন্দদায়ক জ্ঞানোৎসৱৰ সফল সামৰণি ঘটাই মঙলবাৰে নিজম পৰিল চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰ ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/ff96bd48-c54e-495d-a447-18f06f92b725/ce1322bd_c5d1_44f1_a1db_dae428489ea5.jpg)
এইবাৰৰ গ্ৰন্থমেলাত ভাগ লৈছিল বিভিন্ন ৰাজ্যৰ প্ৰকাশন গোষ্ঠীৰ বিপণীসমূহে। ইয়াৰ মাজত বিদেশী ৰাষ্ট্ৰ হিচাপে বাংলাদেশে ভাগ লৈছিল। সৰ্বমুঠ বিপণীৰ সংখ্যা ১৩৫খন। প্ৰায়বোৰ প্ৰকাশনতে ভালেসংখ্যক গ্ৰন্থৰ উন্মোচণী সভাও অনুষ্ঠিত কৰা হৈছিল। অধিকাংশ নতুন গ্ৰন্থই পাঠক সমাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। গ্ৰন্থৰ প্ৰতি যুৱ প্ৰজন্মৰো আস্থা আছিল সন্তোষজনক।
অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজিত কৰা এই গ্ৰন্থমেলাৰ আজি সামৰণী সভা অনুষ্ঠিত হয় ৷ সভাত সন্মানীয় অতিথিৰ আসন শুৱনি কৰে নতুন দিল্লীৰ বিশিষ্ট লেখক-সাংবাদিক ক্ৰমে দীপ হালদাৰ আৰু পশ্চিমবংগৰ বিশিষ্ট লেখক-সাহিত্যিক,পৰিৱেশকৰ্মী মোহিত ৰয়ে ৷
হালদাৰে ভাষণ প্ৰসংগত কয় “ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই সফলতাৰে আয়োজন কৰা এই অসম গ্ৰন্থমেলাত বিশাল জনস্ৰোত দেখিবলৈ পাই অভিভূত হৈ পৰিছোঁ ৷ গ্ৰন্থমেলা মানুহেৰে ভৰি পৰা, কিতাপ বিক্ৰী হোৱাটো সমাজৰ বাবে শুভবাৰ্তা ৷ সকলোৰে কাহিনী থাকে ৷ গ্ৰন্থমেলাই কাহিনীবোৰ ভগাই লোৱাৰ সুযোগ প্ৰদান কৰে ৷”
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/7c5428ef-f7dc-455b-9485-b860ffad8ea6/3c528933_8fac_40e3_9a7f_cafdd51a83f7.jpg)
আনগৰাকী সন্মানীয় অতিথি মোহিত ৰয়ে কয় যে, গ্ৰন্থ মানুহৰ নিৰ্ভৰযোগ্য বিশ্বাসী বন্ধু। কিতাপ পঠনে মনৰ দিগন্ত প্ৰসাৰিত কৰে ৷ এখন সুন্দৰ সমাজ গঢ়াত গ্ৰন্থৰ ভূমিকা অপৰিসীম ৷ অসম গ্ৰন্থমেলায়ো সুন্দৰ সমাজ নিৰ্মাণৰ প্ৰতিশ্ৰুতি বহন কৰা বুলি অনুভৱ হৈছে ৷
অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই বৰ সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ তেওঁ লগতে কয়—“গ্ৰন্থমেলাত বিভিন্ন ভাষাৰ কিতাপ পোৱা যায় ৷ ইয়াৰ জৰিয়তে ভাষিক সমাজৰ মাজত আস্থাৰ সেঁতু নিৰ্মাণ হয় ৷ মই নিজে অসমীয়া ভাষা বুজি পাওঁ ৷ অসমৰ সৈতে মোৰ প্ৰাণৰ সম্পৰ্ক আছে ৷ আমাৰ পৰিয়ালে একালত মৈমনসিঙত মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত আছিল ৷ আমাৰ উদ্বাস্তু পৰিয়ালক এই অসমভূমিয়ে আশ্ৰয় দিছিল ৷ মই অসমৰ পৰিৱেশকলৈও কাম কৰি আছোঁ ৷”
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/935a41c4-cccd-475a-bb18-4bf77aded652/ca74753d_19c2_49aa_b648_397e59dac8d1.jpg)
প্ৰসংগক্ৰমে তেওঁ বংগ বিভাজন আৰু ’৪৭ ৰ দেশ বিভাজনৰ বিষয়ে উল্লেখ কৰি কয় যে, এতিয়াও অস্বিত্বৰ সংকট অব্যাহত আছে অসমত ৷ অনুপ্ৰৱেশৰ সমস্যাটোৰে অসম আৰু পশ্চিমবংগ সংযুক্ত হৈ আছে ৷ অসমৰ মূলসুঁতিৰ মানুহ সংখ্যালঘুত পৰিণত হোৱাৰ সংশয় ঘণীভূত হোৱাটো দুখৰ কথা ৷ এয়া সাম্প্ৰদায়িক চিন্তা নহয়,অস্তিত্বৰ বিষয় ইয়াত জড়িত হৈ আছে ৷ জাতি গঠনৰ বাবে ভাষা আৰু সংস্কৃতি সমানে গুৰুত্বপূৰ্ণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/e6e518c1-bd8d-4ac5-a840-c7d6958af3c0/c83dab1d_0588_451e_848a_65586829eeb5.jpg)
ভাষা আৰু সংস্কৃতি দুয়োটাকে আকোৱালী ল’লেহে সেই জাতিত লীন যাব পাৰি ৷ আমাৰ সভ্যতা হাজাৰ বছৰীয়া নহয়, পাঁচ হাজাৰ বছৰৰ পুৰণি আমাৰ সভ্যতা ৷ সেয়ে সভ্যতা-সংস্কৃতিৰ যুঁজখন অসমীয়া আৰু বাঙালীৰ একেই ৷ সভাখনত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট বিজ্ঞানী ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে কয়- “ অসম গ্ৰন্থমেলা এতিয়া বৃহৎ সামাজিক অনুষ্ঠান হৈ পৰিছে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই গ্ৰন্থমেলাক আকৰ্ষণীয় ৰূপ দিছে ৷ গ্ৰন্থৰ প্ৰতি মানুহৰ আগ্ৰহ দেখি ভাল লাগিছে ৷ ইয়ালৈ অহাসকলে কিতাপৰ সান্নিধ্য লাভ কৰিছে ৷ ইয়াৰ ফলত অধ্যয়নৰ পৰিৱেশ গঢ়ি উঠিব বুলি বিশ্বাস হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/7d0b7169-80e2-4863-8d74-5f4f6183915d/cb174079_b625_41a8_897b_eb4b76928151.jpg)
ঘৰত কিতাপ ৰখাৰ ব্যৱস্থা কৰিলে শিশুসকলৰ পঢ়াৰ প্ৰতি আগ্ৰহ জন্মিবই ৷ শিশুসকলক যিমান পাৰি হাতত কিতাপ তুলি দিব লাগে ৷ আনকি তিনিমহীয়া শিশুৰ বাবেও কিতাপ আছে ৷ এয়া এটা বিজ্ঞান সন্মত পদ্ধতি ৷ শিশুসকলৰ বাবে শব্দ থকা আৰু শব্দ নথকা বিভিন্ন কিতাপ আছে ৷
বিভিন্ন কিতাপ সৰুতে এবাৰ , ডেকা কালত এবাৰ আৰু বুঢ়া কালত এবাৰ পঢ়িলে বেলেগ বেলেগ আনন্দ পোৱা যায় ৷ নতুন প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি উৎসাহিত কৰাত গ্ৰন্থমেলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ কিতাপৰ নিচা এবাৰ লাগিলে আৰু এৰিব নোৱাৰি ৷ কিতাপ সুন্দৰকৈ প্ৰকাশ কৰিব লাগে আৰু শিশুৰ হাতত তুলি দিব লাগে। কিতাপে সদায় নতুন সপোন দেখুয়ায় ৷ এই সপোনে মানুহক আগুৱাই নিয়ে ৷ সমাজক আগুৱাই নিয়ে ৷”
সভাত বিশিষ্ট অতিথিপৰূপে উপস্থিত থাকে বিশিষ্ট অভিধান প্ৰণেতা, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি নগেন শৰ্মা, সম্পাদক ধীৰাজ গোস্বামী ৷ শিল্পী ভাস্বতী ভাৰতীয়ে পৰিৱেশন কৰা এটি বৰগীতেৰে এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/96aeb005-5c89-40ba-b249-e962458167ed/179f05c3_41ca_4938_a62a_96ba39fbde54.jpg)
সামৰণি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ তেওঁ কয় যে, চৰকাৰী আৰু বেচৰকাৰী সংস্থাৰ যৌথ উদ্যোগত অসম গ্ৰন্থমেলা আয়োজন কৰাৰ উদ্দেশ্য হৈছে গ্ৰন্থ আন্দোলনক তৰান্বিত কৰা ৷
লেখক-প্ৰকাশক আৰু পঢ়ুৱৈ ৰাইজৰ সহযোগত এই কাৰ্যসূচী সফল হোৱা বুলি ক’ব পাৰো ৷ গ্ৰন্থমেলা মানে কেৱল সাহিত্যৰ গ্ৰন্থমেলা নহয় ৷ ইয়াত ভিন ভিন বিষয় আৰু লক্ষ্য থাকে ৷ সেয়েহে অসম গ্ৰন্থমেলাত সাহিত্য-সংস্কৃতি, ইতিহাস-ঐতিহ্য, জ্ঞান-বিজ্ঞানৰ বিভিন্ন বিষয় সামৰি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ অনুষ্ঠিত কৰা হৈছে ৷ ছাত্ৰ-ছাত্ৰীসকলক গ্ৰন্থমেলাত জৰিত কৰোৱা হৈছে ৷ গুৱাহাটীতে প্ৰায় ৩৫ খন শিক্ষানুষ্ঠানে গ্ৰন্থমেলাৰ বিভিন্ন কাৰ্যসূচী আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৷” অসম গ্ৰন্থমেলা, গুৱাহাটী সফল্যমণ্ডিত কৰাৰ বাবে সকলো পক্ষকে ধন্যবাদ জ্ঞাপন কৰে সচিব কলিতাই ৷ সামৰণী অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই প্ৰবোধ দাসে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/91d1dc41-69f5-4904-96e2-c77dd4545b75/21734840_6ec0_4a46_bd25_2ee41198c4b7.jpg)
বঁটা-বিতৰণি
শিশুৰ দিন উপলক্ষে যোৱা ৬ আৰু ৭ জানুৱাৰীত অসম গ্ৰন্থমেলা, গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা আকস্মিক বক্তৃতা, কবিতা আবৃত্তি আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটাসমূহ আজি সামৰণী অনুষ্ঠানত বিতৰণ কৰা হয় ৷ আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ “ক” শাখাত ৰাগিণী কাশ্যপে প্ৰথম, নিষাদ চয়ন ওজাই দ্বিতীয়, অনুভৱ চন্দন পৰাশৰে তৃতীয় স্থান লাভ কৰে ৷ উদগনি বঁটা লাভ কৰিছে দৰ্শিল কুমাৰ বৰুৱা, বিপাশা মহন্ত, স্নেহাশ্ৰী গোস্বামীয়ে ৷
“খ” শাখাত গাৰ্গী কাশ্যপে প্ৰথম, তুষাৰ কাশ্যপ ভূঞাই দ্বিতীয়, জ্যোতিৰ্ময় দাসে তৃতীয় স্থান লাভ কৰিছে ৷ উদগনি বঁটা লাভ কৰিছে হিমজ্যোতি কুমাৰ, প্ৰজ্বলিতা বড়া , বিতোপন দাসে ৷ কবিতা আবৃত্তি প্ৰতিযোগিতাৰ “ক” শাখাত ভূমণি শৰ্মাই প্ৰথম, কৃশাংগী কাশ্যপে দ্বিতীয়, নিভম হালৈয়ে তৃতীয় পুৰস্কাৰ লাভ কৰিছে ৷ উদগনি বঁটা লাভ কৰিছে দেৱস্মিতা চক্ৰৱৰ্তী, অভিজ্ঞম অয়ন কাশ্যপ, অথৰ্বী কাশ্যপে ৷
“খ” শাখাত ৰাগিণী কাশ্যপে প্ৰথম, সংস্কৃতি গোঁহায়ে দ্বিতীয়, উপাসনা চক্ৰৱৰ্তীয়ে তৃতীয় পুৰস্কাৰ লাভ কৰিছে ৷ উদগনি বঁটা লাভ কৰিছে কৃষ্ণাঞ্জলি ডেকা, স্নেহাশ্ৰী গোস্বামী, ভায়’লিনা তালুকদাৰে ৷ “গ” শাখাত ভাৰ্গৱী কাশ্যপে প্ৰথম, ৰিয়া ভট্টাচাৰ্যই দ্বিতীয়, হিমজ্যোতি তালুকদাৰ, মঞ্জিৰা শৰ্মাই যুটীয়াভাৱে তৃতীয় পুৰস্কাৰ লাভ কৰিছে ৷ উদগনি বঁটা লাভ কৰিছে মুৰ্ছনা শৰ্মা, অভিনন্দা কলিতা, প্ৰজ্বলিতা বড়াই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/71e94fb6-7ff4-4f04-9e45-a04397b2801d/2e1543e4_7172_43a0_94ac_54707a827b5f.jpg)
চিত্ৰাংকণ প্ৰতিযোগিতাৰ “ক” শাখাত নিবিড় কুমাৰ কাশ্যপে প্ৰথম, মাধুৰ্য্য ময়ূৰ বৰাই দ্বিতীয়,ৰাজশ্ৰী হীৰাই তৃতীয় স্থান আৰু উদগনি বঁটা লাভ কৰিছে ধনশ্ৰী বেজবৰুৱা, সুবৰ্ণ বৰ্মন, ভূমিকা সিনহাই ৷ “খ” শাখাত ৰাজশ্ৰী ভট্টই প্ৰথম, বনশ্ৰী ডেকাই দ্বিতীয়, খ্যাতি কলিতাই তৃতীয় স্থান আৰু উদগনি বঁটা লাভ কৰিছে দিগাংগনা কাশ্যপ, দৃষ্টি ভড়ালী, চম্পক শইকীয়াই ৷
“গ” শাখাত নিশিতা বেজবৰুৱাই প্ৰথম, চিম্পী ডেকাই দ্বিতীয়, দীক্ষিতা কাশ্যপে তৃতীয় স্থান আৰু উদগনি বঁটা লাভ কৰিছে চিন্ময় দাস, শোভাংগী স্নেহা কাশ্যপ, ভূমিকা দাস, আলবেলা খানুমে ৷ সাংস্কৃতিক প্ৰতিযোগিতাত মহাবিদ্যালয়-বিশ্ববিদ্যালয় শাখাত প্ৰথম স্থান লাভ কৰিছে কটন বিশ্ববিদ্যালয়ে, দ্বিতীয় স্থান লাভ কৰিছে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ে,তৃতীয় স্থান লাভ কৰিছে গুৱাহাটী মহাবিদ্যালয়ে,চতুৰ্থ স্থান লাভ কৰিছে দিছপুৰ মহাবিদ্যালয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/397f5625-93a8-45de-82d0-a357f473da65/65a42a82_d23b_436f_9d7e_75ad3e37f263.jpg)
আনহাতে বিদ্যালয় শাখাত প্ৰথম স্থান কাহিলীপাৰাস্থিত নৰ্থ-ইষ্ট পাব্লিক স্কুলে, দ্বিতীয় স্থান গীতানগৰস্থিত গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে, তৃতীয় স্থান বৰ্ষাপাৰাস্থিত ছাউথ পইন্ট স্কুলে আৰু চতুৰ্থ স্থান লাভ কৰিছে কাহিলীপাৰিস্থিত ম’ডাৰ্ণ ইংলিছ স্কুলে ৷
আজি দ্বাদশ অৰ্থাৎ অন্তিম দিনালৈ প্ৰায় ৫কোটি ৫৫ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ৷ অন্তিমদিনা মূল মঞ্চত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ মনপৰশা কাৰ্যসূচীয়ে মুখৰিত কৰি তোলে গ্ৰন্থমেলা প্ৰাংগণ ৷ অনুষ্ঠান পৰিচালনা কৰে প্ৰবোধ দাসে ৷
সমাদৃত গ্ৰন্থ সম্ভাৰ
অসম গ্ৰন্থমেলা, গুৱাহাটীত প্ৰতিদিনে উন্মোচিত হয় বিভিন্ন গ্ৰন্থ ৷ সাহিত্য-সংস্কৃতি, ইতিহাস-অৰ্থনীতি, বিজ্ঞান-কল্পবিজ্ঞান, সৌন্দৰ্য সাধনা, ৰন্ধন কলা আদি সকলো বিষয়ৰ কিতাপ বিক্ৰী হৈছে ইয়াত ৷ নতুনকৈ প্ৰকাশিত আৰু পূৰ্বে প্ৰকাশিত কিছু গ্ৰন্থ সম্ভাৰে পাঠকৰ সমাদৰ লাভ কৰা বুলি জনাইছে গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে ৷
ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে অসম প্ৰকাশন পৰিষদৰ জ্যোতিপ্ৰসাদ ৰচনাৱলী , আৱাহনৰ একত্ৰ সংকলন, ড° প্ৰাণজিৎ বৰা সম্পাদিত নৱকান্ত বৰুৱা ৰচনাৱলী, ড° বিপুলজ্যোতি শইকীয়া সম্পাদিত হীৰেন ভট্টাচাৰ্য ৰচনাৱলী, অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২৩ লাভ কৰা ড° ধ্ৰুৱজ্যোতি বৰাৰ ইনাৰ লেণ্ডস্কেইপ্ছ ৷ একেদৰে অৰূপ কুমাৰ দত্তৰ Saint Saviour Soul Society, ৰুবুল মাউতৰ মোৰো এটা সপোন আছে, মৃণাল কলিতাৰ বকুল ফুলৰ দৰে, গীতালি বৰাৰ এটি জোনাকীৰ কথকতা, প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প, মনোজ কুমাৰ গোস্বামীৰ দেশান্তৰৰ খবৰ, দিলীপ চন্দনৰ মায়াবন বিহাৰ, পাৰ্থসাৰথি মহন্তৰ নিমাখিত কবিতা, বিনোদ ভাগৱতীৰ তেজে ধোৱা ছিমছাং, বিতোপন বৰবৰাৰ ২১ গ্ৰামৰ জীৱন,অজন্তা বুঢ়াগোহাঁইৰ উপন্যাস কুৰঙ্গনয়নী, ড° ভাস্কৰজ্যোতি শৰ্মাৰ পানী মেটেকাৰ ফুল, ইন্দ্ৰানী বৰুৱাৰ The home coming and other stories আদি গ্ৰন্থসমূহ পাঠকে আদৰি লোৱা দেখা গৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/3d40af2b-742b-4768-aeba-1a481af29b27/318f5143_4318_482f_82fb_14a5957e813d.jpg)
সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক সম্বৰ্ধনা
অসম গ্ৰন্থমেলা, গুৱাহাটীৰ অন্তিম দিনা সন্ধিয়াৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই। তেওঁ উদ্বোধনী ভাষণত কয় যে, অসম গ্ৰন্থমেলা সম্প্ৰতি ৰাজ্যখনৰ চুকে-কোণে অনুষ্ঠিত হৈছে ৷ গ্ৰন্থ লেখক-প্ৰকাশক আৰু পঢ়ুৱৈৰ ওপৰত নিৰ্ভৰশীল ৷
গ্ৰন্থমেলাই এইক্ষেত্ৰত সাঁকোৰ দৰে কাম কৰে ৷ নতুন প্ৰজন্মই গ্ৰন্থৰ প্ৰতি দেখুওৱা আগ্ৰহ অসমীয়া ভাষা-সাহিত্য আৰু সমাজ-জীৱনৰ বাবে শুভ লক্ষণ ৷ তেওঁ অসমত গ্ৰন্থমেলাৰ আৰম্ভণি কৰা স্বনামধন্য সাহিত্যিক-সাংবাদিক চন্দ্ৰপ্ৰসাদ শইকীয়াক সশ্ৰদ্ধ স্মৰণ কৰে ৷ বৰুৱাক অসম গ্ৰন্থমেলাৰ তৰফৰ পৰা ফুলাম গামোছা, এৰি চাদৰ,গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে প্ৰশংসা পত্ৰ প্ৰদান কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/9c5a53cf-635d-4df9-9ada-99a747547ac1/7104cd93_a115_425f_999f_3bd076904298.jpg)
উল্লেখ্য যে ইয়াৰ পাছত ২ হেজাৰ টকাৰ গ্ৰন্থ ক্ৰয় কৰাসকলে সংগ্ৰহ কৰা কুপনৰ লটাৰী আজি সন্ধিয়া অনুষ্ঠিত হয় গ্ৰন্থমেলাৰ অস্থায়ী মঞ্চত ৷ ইয়াৰ ফলাফলসমূহ “অসম গ্ৰন্থমেলা” নামৰ ফেইচবুক পেজত উপলব্ধ হ’ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।
Also Read: কৰিমগঞ্জত ১০০ কোটি টকা মূল্যৰ হেৰ'ইন জব্দ