/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/75a2d4d3-a7f7-4951-8fc4-37ceaf8ca0b9/bahi_badok.jpg)
ডিজিটেল ডেস্কঃ বহিঃৰাজ্যত দীৰ্ঘদিনৰ চিকিৎসাৰ অন্তত বৃহস্পতিবাৰে সুকলমে স্বগৃহত উপস্থিত হ'ল বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা। উন্নত চিকিৎসাৰ বাবে দিল্লী লৈ গৈছিল বাঁহীবাদকগৰাকী ।
আজি ৰাজধানী চহৰ দিল্লীৰ পৰা বিমান যোগে আহি ঠিক ২.৩০ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ'য় বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা। বহুদিনীয়া চিকিৎসাৰ অন্তত প্ৰায় সুস্থ অৱস্থাত ঘৰলৈ উভতিল বাঁহীবাদকগৰাকী । এই খবৰে অনুৰাগীসকলকো সুখী কৰি তুলিছে।
উল্লেখ্য যে, ক'ভিডত আক্ৰান্ত হোৱাৰ উপৰিও ডেংগুতো আক্ৰান্ত হৈছিল বাঁহী বাদক গৰাকী। তাৰ পিছত জণ্ডিছত আক্ৰান্ত হৈ দীপক শৰ্মাৰ যকৃতকে ধৰি দেহৰ আন কিছু অংগতো বিসংগতি ধৰা পৰিছিল। সেয়েহে চিকিৎসাকৰ পৰামৰ্শ অনুসৰি উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত দিল্লীলৈ চিকিৎসাৰ বাবে গৈছিল বাঁহী বাদকগৰাকী।
Also Read: বিষাক্ত ফৰ্মেলিন যুক্ত চালানী মাছ বিক্ৰী বন্ধৰ দাবী ধেমাজি জিলা ছাত্র সন্থাৰ...