বিষাক্ত ফৰ্মেলিন যুক্ত চালানী মাছ বিক্ৰী বন্ধৰ দাবী ধেমাজি জিলা ছাত্র সন্থাৰ...

বিষাক্ত ফৰ্মেলিনযুক্ত চালানী মাছৰ বিক্ৰী বন্ধ কৰিবলৈ দাবী জনাই ধেমাজি জিলা ছাত্ৰ সন্থাৰ এটা সঁজাতি দলে বৃহস্পতিবাৰে ধেমাজি জিলা উপায়ুক্তক এখনি স্মাৰকপত্ৰ প্ৰদান কৰে
বিষাক্ত ফৰ্মেলিন যুক্ত চালানী মাছ বিক্ৰী বন্ধৰ দাবী ধেমাজি জিলা ছাত্র সন্থাৰ...

ডিজিটেল সংবাদ, ধেমাজিঃ বিষাক্ত ফৰ্মেলিনযুক্ত চালানী মাছৰ বিক্ৰী বন্ধ কৰিবলৈ দাবী জনাই ধেমাজি জিলা ছাত্ৰ সন্থাৰ এটা সঁজাতি দলে বৃহস্পতিবাৰে ধেমাজি জিলা উপায়ুক্তক এখনি স্মাৰকপত্ৰ প্ৰদান কৰে ৷ উল্লেখ্য যে ৰাজ্যৰ মীন বিভাগ, খাদ্য সুৰক্ষা বিভাগ তথা গুৱাহাটী বিশ্ববিদ্যালয় আৰু ৰহা মীন মহাবিদ্যালয়ৰ বিশেষজ্ঞ দলে চালানী মাছত বিষাক্ত ফৰ্মেলিন থকাৰ কথা ইতিমধ্যেই নিশ্চিত কৰিছে ।

ধেমাজি জিলাখনলৈ অন্ধপ্ৰদেশ, কানপুৰ, লক্ষ্ণৌ, হাউৰা আদি বিভিন্ন ঠাইৰ পৰা প্ৰতিদনে প্ৰায় ১০ হাজাৰৰ পৰা ১২ হাজাৰ কিলোগ্ৰামতকৈও অধিক চালানী মাছ চিলাপথাৰৰ কোলামুৱাত মজুত হয় । আৰু তাৰপৰাই সমগ্ৰ জিলাখনৰ প্ৰতিখন গাঁও আৰু নগৰলৈ চালানী মাছৰ সৰবৰাহ হয় ।

জানিব পৰা মতে ইতিমধ্যে এটি বিশেষজ্ঞৰ দলে ধেমাজিৰ পৰা সংগ্ৰহ কৰা চালানী মাছৰ নমুনাতো এই বিষাক্ত ফৰ্মেলিন ধৰা পৰা বিষয়টো স্পষ্ট হৈছে ৷ সেয়ে ধেমাজি জিলা ছাত্র সন্থাৰ সঁজাতি দলটিৰ হৈ যোৱা জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস, সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁই, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰবি কছাৰী আৰু জিলা ছাত্র সন্থাৰ উপদেষ্টা দিপক শৰ্মাই উপাযুক্তক সাক্ষাৎ কৰি তাৎক্ষণিক ভাৱে সমগ্ৰ জিলাখনত চালানী মাছৰ বিক্ৰী বন্ধ কৰিবলৈ দাবী জনাইছে ৷

জিলা ছাত্র সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকে কয় যে জনসাধাৰণৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা বিষাক্ত ফৰ্মেলিনযুক্ত মাছৰ বিক্ৰী বজাৰত শীঘ্ৰেই বন্ধ কৰিব লাগে । তদুপৰি অভিজ্ঞ চিকিৎসকসকলেও মত প্ৰকাশ কৰিছে যে কম পৰিমাণৰ ফৰ্মেলিনেও চকু, চৰ্মৰোগৰ লগতে খাদ্যনলীৰ ৰোগ তথা কৰ্কটৰোগৰ সৃষ্টি কৰিব পাৰে ।

ধেমাজি জিলাতো যোৱা কেইবছৰত কৰ্কটৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । এইক্ষেত্ৰত জিলাখনৰ মীন বিভাগ, খাদ্য সুৰক্ষা বিভাগেও যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি জিলা ছাত্ৰ সন্থাই অভিযোগ কৰিছে ৷ ইফালে জিলা ছাত্ৰ সন্থাই জিলা মীন বিভাগকো প্ৰচুৰ সম্ভাৱনা থকা জিলাখনত থলুৱা মাছৰ উৎপাদন বৃদ্ধি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

বিষাক্ত ফৰ্মেলিন যুক্ত চালানী মাছ বিক্ৰী বন্ধৰ দাবী ধেমাজি জিলা ছাত্র সন্থাৰ...
নকল সোণৰ পাছত এইবাৰ গোলাঘাটত নকল প্ৰসাধন, বহিঃৰাজ্যৰ কোম্পানীয়ে চলালে অভিযান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in