/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
এই মুহূৰ্তৰ খবৰ
গুৱাহাটী মহানগৰীৰ সমপৱৰ্তী ৰাণীৰ ১৭৫ বি এন চি আৰ পি এফ শিবিৰত অঘটন।
শিবিৰৰ ভিতৰতে এগৰাকী জোৱানে নিজ বন্দুকেৰে আত্মহত্যা কৰে।
শুকুৰবাৰে নিশা মূৰত গুলিয়াই আত্মহত্যা জোৱানজনৰ।
নিহত জোৱানজনৰ নাম হৈছে জাভেদ অতুল হৰি।
হেড কনিষ্টবল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল জোৱানজনে।
তেঁওৰ ঘৰ মহাৰাষ্ট্ৰত বুলি জানিব পৰা গৈছে।
ঘটনাৰ পাছতে ৰাণী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
কিহৰ বাবে এই ঘটনা সংঘটিত কৰিলে সেই সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই।
Also Read: মহানগৰীত অঘটন : অট্টালিকাৰ পৰা পৰি যুৱক নিহত