মহানগৰীত অঘটন : অট্টালিকাৰ পৰা পৰি যুৱক নিহত

মহানগৰীত অঘটন : অট্টালিকাৰ পৰা পৰি যুৱক নিহত

author-image
Asomiya Pratidin
New Update
নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহাৰ পথত দুৰ্ঘটনাঃ নিহত ৫ জন...

ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক অনাকাঙ্খিত ঘটনা। শনিবাৰে মহানগৰীৰ ৰাজগড়ৰ এটা অট্টালিকাৰ পৰা সৰি পৰে এজন যুৱক।

Advertisment

ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱকজন। অতি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়ে যদিও কিছু সময়ৰ পাছতে যুৱকজনে অকাল মৃত্যুক আঁকোৱালি লয়।

নিহত যুৱকজনৰ নাম ৰূপজ্যোতি কুমাৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ৰাজগড়ৰ সংকল্প আই কেয়াৰ নামৰ অট্টালিকাটোৰ পৰা পৰিছিল যুৱকজন।

Also Read: 'মণিপুৰৰ সংঘৰ্ষ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে নহয়, দুই জনগোষ্ঠীৰহে সংঘৰ্ষ' - কিৰেণ ৰিজিজু

guwahati police