/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/e7d1f950-9edf-4a6a-a4e2-1d97a1dd8389/107.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : মানৱ সভ্যতা আৰু পাৰিপাৰ্শ্বিক পৰিৱেশৰ প্ৰতি চূড়ান্ত ভাবুকি স্বৰূপ পৰিৱেশ প্ৰদূষণ সমস্যা। জীৱজগতৰ অস্তিত্বৰ প্ৰতি প্ৰচণ্ড ভাবুকি হৈ থিয় দিয়া এই প্ৰদূষিত পৰিৱেশৰ অন্যতম কাৰক হৈছে প্লাষ্টিকজাত সামগ্ৰী ।
ঢকুৱাখনা পৌৰ সভা এলেকাতো বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত অবৈধভাৱে নিষিদ্ধ ঘোষিত বিভিন্ন প্লাষ্টিকজাত সামগ্রী,প্লাষ্টিকৰ বেগ মজুত ৰখা আৰু বিক্ৰী কৰা তথা অবাধ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈ আহিছে। ঢকুৱাখনা পৌৰ সভাৰ নৱনিযুক্ত কাৰ্যবাহী বিষয়া ডঃ নয়নজ্যোতি নাথে এই পৰিৱেশ পৰিপন্থী নিষিদ্ধ সামগ্ৰীৰ বিক্ৰী ,মজুতকৰণ আৰু ব্যৱহাৰত তীক্ষ্ণ দৃষ্টি ৰাখি আহিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/a66c97f6-ab76-4ce4-be73-b39ba76e3a18/00a759e2_1c10_4635_8037_fd15a38eb2c4.jpg)
জনস্বাৰ্থৰ পৰিপন্থী এই সামগ্ৰীৰ বেপাৰীৰ বিৰুদ্ধে কাৰ্যবাহী বিষয়াগৰাকীয়ে কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰি মঙলবাৰে পৌৰ সভা এলেকাত প্লাষ্টিক বিৰোধী এক অভিযান চলায় । ঢকুৱাখনা পৌৰ সভাৰ নগৰ উন্নয়ন প্ৰকল্প বিষয়া ৰূপ কোঁৱৰ কাকতি আৰু অন্য পৌৰ কৰ্মী আৰু ঢকুৱাখনা আৰক্ষীৰ সহযোগিতাত ঢকুৱাখনা সদৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত তাৎক্ষণিক অভিযান চলাই একক ব্যৱহৃত প্লাষ্টিকজাত গ্লাছ , বাটি ,প্লেট , বেগ আদি জব্দ কৰিবলৈ সক্ষম হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/1180c9d0-7aba-405b-ad49-7c0e424af499/ce3ec2b7_62cc_4c5e_ad25_adea8050c72a.jpg)
অভিযান কালত প্ৰায় ১৫০০ কিলোগ্ৰাম এনে পৰিৱেশ ক্ষতিকাৰক সামগ্ৰী জব্দ কৰি পৌৰসভাৰ কাৰ্যালয়লৈ লৈ যায় । জনস্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰূপ এই নিষিদ্ধ প্লাষ্টিক সামগ্ৰীৰ মজুত কৰ্তা আৰু বিক্রেতাসকলক বিধিগতভাৱে জৰিমনা বিহাৰ ব্যৱস্থা কৰি পৌৰ সভাৰ কাৰ্যবাহী বিষয়া ডঃ নাথে এনে নীতি বহিৰ্ভূত কাৰ্যৰ পৰা ব্যৱসায়ীসকলক বিৰত থকাৰ সকীয়নী প্ৰদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/f2869b3f-37e0-4494-950d-3e5be5067b1d/2690aa12_1164_4350_8f0f_004f5bdf0785.jpg)
জব্দকৃত সামগ্ৰীখিনি অচিৰেই বিভাগীয় নীতি মতে নিষ্কাষণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। নৱনিযুক্ত কাৰ্যবাহী বিষয়াগৰাকীৰ এই সময়োপযোগী পদক্ষেপক পৌৰসভাবাসীৰ লগতে পৰিৱেশ সচেতন ৰাইজ তথা সংগঠনে শলাগ লয়। লগতে ধাৰাবাহিকভাৱে এনে অভিযান অব্যাহত ৰখাৰ আহ্বান জনায়।
Also Read: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি সন্ধিয়া ৫-০০বজাৰ পৰা ড্ৰাই ডে’ ঘোষণা