কাইলৈ বৰ্ষাপাৰাত ৰাজস্থান-কলকাতাৰ মেচঃ জানক পথ-নিৰ্দেশনাৰ সবিশেষ...

কাইলৈ বৰ্ষাপাৰাত ৰাজস্থান-কলকাতাৰ মেচঃ জানক পথ-নিৰ্দেশনাৰ সবিশেষ...

ডিজিটেল ডেস্ক : দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এলৰ অন্য এখন মেচ। ১৯মে’ৰ দিনা অনুষ্ঠিত হ’ব ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ হাইভ’ল্টেজ মেচ।

অনুষ্ঠিতব্য মেচখনৰ পূৰ্বে শনিবাৰে বৰ্ষাপাৰাত এ চি এৰ কাৰ্যকৰ্তা আৰু গুৱাহাটী মহানগৰ যান-বাহন আৰক্ষীয়ে এক সংবাদমেল সম্বোধন কৰে। কাইলৈ মহানগৰীৰ পথ-নিৰ্দেশনা সন্দৰ্ভত সংবাদমেলখন অনুষ্ঠিত কৰা হয়।

সংবাদমেলযোগে জনোৱা অনুসৰি দেওবাৰে গুৱাহাটীৰ কেইবাটাও পথত গধুৰ যান-বাহন, মালবাহী বাহন আদিৰ আহ-যাহৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

সংবাদমেলত উল্লেখ কৰা পথ-নিৰ্দেশনাসমূহ তলত উল্লেখ কৰা হ’ল-

  • ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাণিজ্যিক বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা।

  • জি এছ ৰোড,  বি কে কাকতি ৰোড, এ কে আজাদ ৰোডত বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল।

  • একদৰে এফ এ ৰোড, এ কে দেৱ ৰোড, কুল বসুমতাৰী ৰোডতো বন্ধ থাকিব বাণিজ্যক বাহনৰ চলাচল।

  • সংবাদমেলত উল্লেখ কৰা অনুসৰি এম জি ৰোড, এ টি ৰোড, জি এন বি ৰোড, আৰ এম চি ৰোড আৰু কাহিলিপাৰা ৰোডতো বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল।

  • আনহাতে ৩ চকীয়া সামগ্ৰী কঢ়িওৱা বাহনো কৰিব নোৱাৰিব চলাচল।

  • ইয়াৰোপৰি আৰ্য নগৰৰ পৰা লখৰা চাৰিআলিলৈ হ’ব একক পথ।

  • বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেণপাৰা তিনিআলিলৈও একক পথ।

  • বিয়লি ৪-৩০ বজালৈ অনুমতি নথকা বাহন উল্লেখিত পথসমূহত চলিবলৈ দিয়া নহ’ব।

  • অৱশ্যে জৰুৰীকালিন, স্কুল বাছ, স্থানীয় বাসিন্দা আদিৰ বাবে এই নিয়ম প্ৰযোজ্য নহয়।

কাইলৈ বৰ্ষাপাৰাত ৰাজস্থান-কলকাতাৰ মেচঃ জানক পথ-নিৰ্দেশনাৰ সবিশেষ...
কোকৰাঝাৰত ভয়ংকৰ বাছ দুৰ্ঘটনা : আহত ৪২ জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in