/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/9478b973-3f0a-4357-9bd4-374d10c0a8ba/259.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰৰ জিলাৰ ছেৰফাংগুৰীৰ আঠিয়াবাৰী ৩১নং (গ)ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে পুৱতি নিশা সংঘটিত হোৱা বাছ দুৰ্ঘটনাত ৪২ গৰাকী যাত্ৰী আহত হয়। পশ্চিমবংগৰ পৰা অহা গুৱাহাটী অভিমুখী বাছখনে (AS 01 PC 5625) আঠীয়াবাৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত খুন্দিওৱাৰ ফলত উক্ত দূৰ্ঘটনাটো সংঘটিত হয়।
অভিযোগ অনুসৰি একমাত্ৰ চালকৰ মইমতালিৰ বাবে উক্ত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আহত যাত্ৰীসকলে সদৰী কৰে। ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়েই চালকে পলায়ন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/90c4f4f4-5f05-4edb-8fc2-7a6076c0734f/441673725_756453616641138_1529936084695066462_n.jpg)
উল্লেখ্য যে কামৰূপ( গ্ৰাম্য)ৰ ৰাণী, আজৰা আদি অঞ্চলৰ পৰা ৪২ গৰাকী যাত্ৰী লৈ বাছখনে যোৱা ১৭ মে'ত পশ্চিমবংগৰ কোচবিহাৰত উপস্থিত হৈছিল । মূলতঃ কবিৰাজৰ চিকিৎসা ল’বলৈ তেওঁলোক কোচবিহাৰত উপস্থিত হৈছিল।
কবিৰাজক দেখুৱাই ঔষধ পাতি লোৱাৰ পিছত দলটো জিৰণি লৈ মাজনিশা ২-০০ মান বজাত ঘৰলৈ বুলি ৰাওনা হয় ৷ চালকে তীব্ৰবেগত গাড়ী চলোৱাত আৰু যাত্ৰীসকলে লাহে লাহে গাড়ী চলাবলৈ বাৰে বাৰে অনুৰোধ কৰা সত্বেও চালকে যাত্ৰীৰ কথাত কোনোধৰণৰ গুৰুত্ব নিদিয়া বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/4a6567aa-65c3-4c00-bf2a-07a544ff5194/441911018_756453589974474_9221565912420896031_n.jpg)
পৰিণতিত আঠীয়াবাৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত খুন্দিয়াই গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয় । ফলত গাড়ীত থকা ৪২ গৰাকীকৈ যাত্ৰী কম বেছি পৰিমাণে আহত হয় ।
ইয়াৰে ১৮ গৰাকী আহত যাত্ৰীক চিকিৎসাৰ বাবে কোকৰাঝাৰ মেডিকেল কলেজত ভৰ্তি কৰোৱাৰ বিপৰীতে ২৩ গৰাকী যাত্ৰীক দোতমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
ইয়াৰে কোকৰাঝাৰ মেডিকেল কলেজত ভৰ্তি হৈ থকা দুগৰাকী আহতৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আনহাতে কোকৰাঝাৰ মেডিকেল কলেজত ভৰ্তি হোৱা ১৮ গৰাকী যাত্ৰীৰ খবৰ ল’বলৈ উপস্থিত হয় মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/b79b7ac3-2901-432a-b551-60ba955992df/442411481_756453603307806_2329492184621546339_n.jpg)
আহত যাত্ৰীসকলক চিকিৎসাৰ সুব্যৱস্থা কৰা হৈছে আৰু গুৰুতৰভাৱে আহত দুই যাত্ৰীক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বৰপেটা মেডিকেল কলেজ লৈ পঠিওৱাৰ ব্যৱস্থা কৰা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। লগতে মন্ত্ৰীগৰাকীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
Also Read: মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী এলেকাত পানীৰ হাহাকাৰ