অসম ডাউন টাউন বিশ্ববিদ্যালয়ত ৰবীন্দ্ৰ জয়ন্তী উদযাপন...

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত ৰবীন্দ্ৰ জয়ন্তী উদযাপন...

ডিজিটেল সংবাদ, গুৱাহাটী : ‘ৰবীন্দ্ৰ জয়ন্তী উদযাপন অকল এগৰাকী ব্যক্তিৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শনেই নহয়, ই হ’ল সাহিত্যৰ বিশালতাৰ উদযাপন, সংস্কৃতিৰ উদযাপন’ - অসম ডাউন টাউন বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৰবীন্দ্ৰ জয়ন্তী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহন কৰি এনেদৰে কয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ বৰুণ সাহাই৷

পাৱাৰ পইন্ট প্ৰেজেন্টেচনেৰ সহযোগেৰে আকৰ্ষণীয় কৰি তোলা ভাষণত তেখেতে আৰু কয় যে, ৰবীন্দ্ৰ নাথৰ শিল্প-দৰ্শন গঢ় লৈ উঠিছিল ভাৰতীয় সংস্কৃতি আৰু দৰ্শনৰ আধাৰত ৷ সেইবাবে বাংলা ভাষাত লেখিলেও তেওঁ সমগ্ৰ ভাৰতৰে প্ৰতিনিধি ৷ আৰম্ভণিতে বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ডঃ সাহাক সম্বদ্ধৰ্না জ্ঞাপন কৰে প্ৰফেচৰ বন্দনা দত্তই ৷ আদৰণি ভাষণ প্ৰসংগত ডঃ নিৰঞ্জন ইছলাৰীয়ে কয় যে বিশ্ববিদ্যালয়খনিত এনে ধৰণে আয়োজন কৰি অহা সাংস্কৃতিক কাম-কাজে শৈক্ষিক পৰিৱেশ সুন্দৰ কৰাত অৰিহণা যোগাইছে৷

আমন্ত্ৰিত শিল্পী আকাশবাণী গুৱাহাটীৰ বিষয়া, আবৃত্তিকাৰ ইন্দ্ৰজিৎ দাসে ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাৰ অসমীয়া অনুবাদ আবৃত্তি কৰে৷ শ্ৰী দাসক সম্ভাষণ জনায় ডঃ ৰীতিস্মিতা দেবী সাণ্ডিল্যই ৷ পৰিবেশ্য কলা শাখাৰ সহাকৰী অধ্যাপিকা পংখী কাশ্যপৰ পৰিচালনাত প্ৰায় দুঘন্টাজোৰা এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে ৰবীন্দ্ৰনাথৰ কবিতা, কবিতাৰ অসমীয়া অনুবাদ, গীত, গীতৰ আধাৰত প্ৰস্তুত কৰা নৃত্য আদি পৰিবেশন কৰে ৷

পূজা ডেকাই আঁত ধৰা এই অনুষ্ঠানত বিশিষ্ট শব্দযন্ত্ৰী আৰু সুৰকাৰ হৃদয় গোস্বামী আৰু গীতিকাৰ-সুৰকাৰ হীৰকজ্যোতি বৰুৱায়ো অংশগ্ৰহন কৰে৷ বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ নৃত্য-সংগীত আৰু সাহিত্য ক্লাবে সহযোগ কৰে৷ পৰিবেশ্য কলা শাখাৰ ডীন উৎপল দত্তৰ সামৰণি ভাষণেৰে এই অনুষ্ঠানৰ অন্ত পৰে৷

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত ৰবীন্দ্ৰ জয়ন্তী উদযাপন...
প্ৰসংগ সংগীতা-ৱালিউল: ৩২ টা চিচি টিভিৰ ফুটেজে উন্মোচিত কৰিছে বহু তথ্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in