/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/9e5ad9ea-116e-411d-97d2-a2e68c00ab47/Sangita.jpg)
ডিজিটেল ডেস্ক : অব্যাহত আছে চিকিৎসক দম্পত্তিৰ জেৰা। শিশু নিৰ্যাতনৰ গোচৰত অভিযুক্ত মনোৰোগ চিকিৎসক ডা: সংগীতা দত্ত আৰু ডা: ৱালিউল ইছলামক আৰক্ষীয়ে বৰ্তমানেও জেৰা অব্যাহত ৰাখিছে। জেৰা লগে লগে পোহৰলৈ আহিছে ন-ন তথ্য।
তদন্তৰ মাজতে আৰক্ষীয়ে লাভ কৰে ৩২ টাকৈ চিচি টিভিৰ ফুটেজ্। উক্ত চিচি টিভি ফুটেজ সমূহ আছিল দৃশ্য-শ্ৰব্য দুয়োটা সংলগ্ন। যিবোৰ পৰিদৰ্শন কৰি খোদ আৰক্ষীয়েও চমকিত হৈ পৰিছে। নিজ বাসগৃহত সংযোক্ত কৰা এই চিচি টিভিৰ ফুটেজত বহু কথাই স্পষ্ট হৈ পৰিছে। আটাইকেইটা ফুটেজ্ তন্ন তন্ন কৈ পৰীক্ষা কৰিছে আৰক্ষীয়ে।
আনহাতে মঙ্গলবাৰে ডা: ৱালিউল ইছলামৰ স্বাস্থ্য পৰীক্ষা তথা ডি এন এ টেষ্টৰ বাবে তেজৰ নমুনা সংগ্ৰহৰ পাছত বুধবাৰে পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা জি এম চি এইছলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হৈছে ডা: সংগীতা দত্তক। জি এম চি এইছৰ ফৰেন্সিক বিভাগলৈ লৈ যোৱা হৈছে অভিযুক্ত গৰাকীক। স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে লোৱা হ'ব তেজৰ নমুনা।
Also Read: পাচলিত বিষাক্ত কীটনাশক: ব্যৰ্থ নেকি ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা ?...