অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ উদ্যোগত ৰাভা দিৱস উদযাপন

অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ উদ্যোগত ৰাভা দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ উদ্যোগত ৰাভা দিৱস উদযাপন

ডিজিটেল ডেস্ক : অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ উদ্যোগত তথা সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'সুৰতীৰ্থ' আৰু 'সৃষ্টিৰ ৰামধেনু'ৰ সহযোগত যোৱা ২০ জুনত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হোৱা উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে সংগীত খনিকৰ পুৰুষোত্তম দাসকো সোঁৱৰণ কৰা হয়।

Advertisment

অনুষ্ঠানৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ শাখা জ্যোতিনগৰ সাহিত্য সভাৰ মহিলা শিল্পীবৃন্দৰ দ্বাৰা 'চিৰ চেনেহী মোৰ ভাষা জননী' গীতটি পৰিবেশন কৰা হয়। 'সুৰতীৰ্থ'ৰ প্ৰাক্তন সভাপতি, অনাতাঁৰ কেন্দ্ৰৰ প্ৰবীণ কণ্ঠশিল্পী যোগেশ বৰুৱাই বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণৰে উদ্বোধন কৰা অনুষ্ঠানটিৰ আদৰণি ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ সভাপতি দেবেন্দ্ৰনাথ বসুমতাৰীয়ে।

সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'সুৰতীৰ্থ' আৰু 'সৃষ্টিৰ ৰামধেনু'ৰ বিষয়ে ক্ৰমে প্ৰবীণ শিল্পী মৃদুলা বৰুৱা আৰু 'সৃষ্টিৰ ৰামধেনু'ৰ সভাপতি ড° অতুল কুমাৰ দেউৰী ভৰালীয়ে ব্যাখ্যা কৰে। ইয়াৰ পিচতে দুয়োটা অনুষ্ঠানৰ শিল্পীবৃন্দৰ দ্বাৰা সমবেত সংগীত 'বিশ্বৰ ছন্দে ছন্দে' পৰিৱেশন কৰা হয়।

উল্লেখযোগ্য যে, উক্ত অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষিকেশ গোস্বামী। গোস্বামীয়ে তেওঁৰ সাৰুৱা ভাষণত অসম সাহিত্য সভাই বিষ্ণু ৰাভা দিৱস পালনৰ তাৎপৰ্যৰ কথা উল্লেখ কৰাৰ লগতে ৰাভাৰ সৃষ্টিৰ সুন্দৰ মূল্যায়নেৰে সমবেত ৰাইজক মোহাচ্ছন্ন কৰে।

তদুপৰি, অনুষ্ঠানত উপস্থিত থকা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেন বড়োৱে তেওঁৰ ভাষণ প্ৰসঙ্গত কয় যে নতুন প্ৰজন্মৰ মাজত শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ সৃষ্টিসমূহ বিলাব লাগে। ৰাভা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সংগীত-নৃত্যৰ উক্ত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত মৃদুলা দাস, কনিকা ভট্টাচাৰ্য, হীৰেন শৰ্মা, কবিতা বৰুৱা, জীনা ৰাজকুমাৰী, পল্লী বৰগোহাঁই, সংহতি অধিকাৰী, বিজুলী গোস্বামী, বীনা হাজৰিকা, প্ৰতুল গোস্বামী, বিমলদেৱ মেধি, হেমন্ত নাথ, ড° ৰূপাঞ্জলি বৰুৱা, অতুল মেধি, দিব্যজ্যোতি কাকতি, দ্বিপম বৰুৱা, ৰাতুল বেজবৰুৱা, পৰিতোষ দত্ত, শুভম গোস্বামীয়ে পৰিবেশন কৰা গীত-মাত, অসীম বৰুৱাৰ ভায়োলীন বাদন, অঞ্জলি, অন্নেষা, নিহাৰিকা, লিকী, অৰ্ণবি, ভাৱনাই পৰিবেশন কৰা নৃত্যৰ লগতে বহুকেইগৰাকী ন-পুৰণি শিল্পীৰ প্ৰদৰ্শনৰে অনুষ্ঠানটো সোণত সুৱগা চৰে।

অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক অবনী ৰঞ্জন পাঠকে আঁত-ধৰা অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়াই 'সৃষ্টিৰ ৰামধেনু' উপদেষ্টা তথা বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডাঃ বিকাশ ৰায় দাসে।

Also Read: জাগতি নেচাৰ কেয়াৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস পালন

assam sahitya sabha