জাগতি নেচাৰ কেয়াৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস পালন

জাগতি নেচাৰ কেয়াৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস পালন

author-image
Asomiya Pratidin
New Update
জাগতি নেচাৰ কেয়াৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস পালন

ডিজিটেল ডেস্ক : আজি সমগ্ৰ বিশ্বতে পালন কৰা হৈছে 'আন্তৰ্জাতিক যোগ দিৱস'। যোগাসনে মানুহক নিয়মানুৱৰ্তীতা আৰু একতাৰ মাজৰে জীৱন অতিবাহিত কৰাত সহায় কৰে। যাৰ মূলমত্ৰ হৈছে- 'বসুধৈৱ কুটুম্বকম।' এক বিশ্ব-এক পৰিয়াল।

Advertisment

সেই উপলক্ষে গুৱাহাটীৰ অন্যতম যোগ প্ৰশিক্ষণ কেন্দ্ৰ জাগতি নেচাৰ কেয়াৰেয়ো পালন কৰে নৱম সংখ্যক আন্তৰ্জাতিক যোগ দিৱস। পুৱা ৬-৩০ বজাত অনুষ্ঠানটিৰ সকলো শিক্ষাৰ্থীক যোগ শিকোৱাৰ লগতে আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে তেওঁলোকক প্ৰমাণ পত্ৰ প্ৰদান কৰে।

অনুষ্ঠানটিয়ে আয়োজন কৰা যোগ দিৱসৰ অনুষ্ঠানত প্ৰায় অৰ্ধশতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। আনহাতে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আই পি এল,ৰঞ্জী ট্ৰফী আদিৰ খেলুৱৈসকলৰ শাৰীৰিক প্ৰশিক্ষক ভাস্কৰ বৰা।

অনুষ্ঠানৰ লগত সংগতি ৰাখি একতাৰ নিদৰ্শন হিচাপে উপস্থিত সকলোৱে একেলগে লঘু আহৰ গ্ৰহণ কৰে। ইয়াৰ পাছতে গুৱাহাটী লাইন্স ক্লাব আৰু ফিকি ফ্লো নৰ্থ ইষ্টৰ বিষয়-ববীয়াৰে সৈতে এক আলোচনচক্ৰ অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানতে জাগতি নেচাৰ কেয়াৰৰ জাৰ্চি,টি-চাৰ্ট আদি মুকলি কৰা হয়।

উল্লেখ্য যে, জাগতি নেচাৰ কেয়াৰ হৈছে উত্তৰ পূ্ৰ্বাঞ্চলৰ যোগ-সুস্থতা কেন্দ্ৰ। য'ত প্ৰশিক্ষণ গ্ৰহণ কৰি শতাধিক ৰোগীয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে।

আনহাতে জাগতি নেচাৰ কেয়াৰে আন্তৰ্জাতিক যোগ দিৱস গুৱাহাটীত পালন কৰাৰ উপৰিও অনুষ্ঠানটিৰ উদ্যোগত শিৱসাগৰ,নাজিৰা আদি স্থানতো যোগ দিৱস পালন কৰা হয়। উক্ত স্থানসমূহতো ৫শৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশ লয়।

উল্লেখযোগ্য যে বিগত সময়ছোৱাত জগতি নেচাৰ কেয়াৰৰ উদ্যোগত আৰু আয়ুস মন্ত্ৰ্যালয়ৰ সহযোগত ছিকিমত ১০০ দিনীয়া যোগ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল। য'ত শতাধিক লোকে অংশগ্ৰণ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিছিল।

অনুষ্ঠানৰ শেষত অনুষ্ঠানটিৰ বিষয়-ববীয়াই উল্লেখ কৰে যে, অনাগত দিনসমূহতো জাগতি নেচাৰ কেয়াৰে যোগ প্ৰশিক্ষণৰ দ্বাৰা সমাজত সুস্থতা,মানসিক সুস্থিৰতা প্ৰদানৰ বাবে সমাজত বিভিন্ন গঠনমূলক কাম-কাজ কৰি যাব।

Also Read: অসমৰ ৫২গৰাকী শিল্পী,সাহিত্যিক-সাংবাদিকলৈ কেন্দ্ৰীয় জলপানি

International Yoga Day