/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/2a21e7ac-09eb-4eb2-9572-a72ecc5136e0/public_press_18.jpg)
পাব্লিক প্ৰেছৰ বৰ্ষপূৰ্তিঃ সাংবাদিক, সাহিত্যিক, সমাজকৰ্মীলৈ বিশেষ বঁটা...
ডিজটেল ডেস্কঃ ৰাজ্যৰ অগ্ৰণী ডিজিটেল মিডিয়া পাব্লিক প্ৰেছে সপ্তম বৰ্ষত পদাৰ্পণ কৰাৰ শুভ ক্ষণতে আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰে ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান। দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাটাও কাৰ্যসূচী ৰূপায়িত কৰা হয়। এই অনুষ্ঠানতে ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকৰ লগতে কেইবাজনো মফচলীয়া সাংবাদিক, বুদ্ধিজীৱি, সাহিত্যিক, সমাজকৰ্মীক সম্বৰ্ধনা আৰু বঁটা প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a6822455-234e-453a-a620-8a4ad54fdb41/5db649c6_a976_4898_8533_23985977df46.jpg)
অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ পাছতে পাব্লিক প্ৰেছৰ মুখ্য সম্পাদক অনিৰ্বান সেনে অতিথিসকলক আদৰণি জনোৱাৰ লগতে পাব্লিক প্ৰেছৰ সাংবাদি সকলৰ লগত মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।
অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই। পাব্লিক প্ৰেছৰ কাৰ্যবাহী সম্পাদক মনোজ কুমাৰ গগৈয়ে আঁত ধৰা অনুষ্ঠানত প্ৰকাশ মহন্ত, ডি ৱাই ৩৬৫ ৰ পৰিচালন সম্পাদক প্ৰাণজিত শইকীয়া , দৈনিক জনমভূমিৰ জ্যেষ্ঠ উপ-সম্পাদক নিতুল চাংমাই, অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সমাজকৰ্মী সুবীৰ কুমাৰ দাস, বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ অধ্যাপক ড০ সীমান্ত বৰুৱা, শিৱসাগৰ ছোৱালী কলেজৰ অধ্যাপক, কবি ড০ কিশোৰ কুমাৰ দেউৰী, লেখক অনন্ত ফুকনক ফুলাম গামোছা, সম্বৰ্ধনা পত্ৰ, স্মাৰকৰে উষ্ম আদৰণি জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a92c45f3-99cb-4766-a1b8-746923190341/729e8b98_e18f_4edf_96b9_cf64199063f1.jpg)
অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাষণ প্ৰসঙ্গত প্ৰকাশ মহন্ত, প্ৰাণজিত শইকীয়া আৰু নিতুল চাংমাইয়ে সাংবাদিকসকলৰ দায়িত্ব আৰু কৰ্মৰাজিৰ বিষয়ে বিভিন্ন পৰামৰ্শ আগবঢ়ায়। ৰিপুন বৰাই ৰাজনৈতিক জীৱনত সাংবাদিকসকলৰ সৈতে হোৱা সান্নিধ্য সম্পৰ্কে ভাষণ প্ৰদান কৰে।
বৰ্ষপূৰ্তি উপলক্ষে প্ৰকাশিত " সোঁৱৰণী বৈভৱ" ৰ প্ৰথম সংখ্যা উন্মোচন কৰে শিৱসাগৰ মহাবিদ্যালয়ৰ অধ্যাপক ড০ উৎপল দত্তই। ইয়াৰ পাছত ঔপন্যাসিক জয়ন্ত মাধৱ বৰাক সাহিত্য ৰত্ন বঁটা, কৈলাশ চন্দ্ৰ গোস্বামীক শিক্ষাৰত্ন বঁটা, নৰকান্ত ৰাভাক জীৱনজোৰা সমাজ সেৱা বঁটা, লাইফুং নাৰ্জাৰীক সমাজ সতীৰ্থ বঁটা, ডাঃ প্ৰবুদ্ধ প্ৰসাদ চেতিয়া , বুদ্ধেশ্বৰ চুতীয়া আৰু ৰমা গগৈক সমাজ হিতৈষী বঁটা , আজাদ আলমক সমাজৰত্ন বঁটা, খলিলুৰ ৰহমান হাজৰিকাক বৰ্ষশ্ৰেষ্ঠ সম্প্ৰীতি বঁটা আৰু গোৱালপাৰাৰ উদ্ভৱ চন্দ্ৰ নাথক পাব্লিক প্ৰেছৰ বৰ্ষশ্ৰেষ্ঠ সাংবাদিক বঁটা প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/6c74416f-e205-4422-b6af-486a4739ee78/cf222551_949f_4980_a77c_548fc5755449.jpg)
ইয়াৰোপৰি, পাব্লিক প্ৰেছৰ মফচলীয় সাংবাদিক বঁটা, সক্ৰিয় সাংবাদিকতা বঁটা, ভিডিঅ' সম্পাদনা বঁটা, ভিডিঅ' জাৰ্নেলিষ্ট সম্পাদনা বঁটা, নেপথ্য বিৱৰণি বঁটা, শ্ৰেষ্ঠ গ্ৰাফিক্স ডিজাইনাৰ বঁটা আৰু বিশেষ সম্বৰ্ধনা বঁটা প্ৰদান কৰে। উক্ত অনুষ্ঠানত শুভেচ্ছা মূলক ভাষণ প্ৰদান কৰাৰ লগতে আজাদ আলমে শ্বায়েৰী আৰু ডাঃ প্ৰবুদ্ধ প্ৰসাদ চেতিয়াই গীত পৰিবেশন কৰি অনুষ্ঠানটোৰ মাত্ৰা বৃদ্ধি কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/5b504631-2dc2-4cb1-8842-a72b3b37d055/4be3c98a_42bb_4721_a776_9e1498ff33ce.jpg)