মহানগৰীত পিষ্টল দেখুৱাই দুৰ্বৃত্তই লুটি নিলে অলংকাৰ...

মহানগৰীত পিষ্টল দেখুৱাই দুৰ্বৃত্তই লুটি নিলে অলংকাৰ...

ডিজিটেল ডেস্ক : গুৱাহাটীত পুনৰ পিষ্টল দেখুৱাই অলংকাৰ লুটৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান পূব শৰণীয়া। প্রাতঃ ভ্রমণলৈ যোৱা মহিলাক আক্রমণ কৰি দুৰ্বৃত্তই লুটি নিয়ে অলংকাৰ।

বাইকত অহা দুই দুৰ্বৃত্তই পিষ্টল দেখুৱাই মহিলাগৰাকীৰ পৰা কাঢ়ি নিয়ে চেইন। উল্লেখ্য ভুক্তভোগী মহিলাগৰাকীৰ নাম মনিৰা ৰাভা। ইয়াৰ পূৰ্বেও মহানগৰীৰ বিভিন্ন প্ৰান্তত দুৰ্বৃত্তই এইদৰে অলংকাৰ লুটি নিয়াৰ ঘটনা সংঘটিত হৈছে। বহু সময়ত চি চি টিভিৰ ফুটেজত এনে দুৰ্বৃত্তই ধৰা দিছে যদিও এইক্ষেত্ৰত আৰক্ষীয়ে ল'ব পৰা উচিত পদক্ষেপ।

তদুপৰি মহানগৰীৰ প্ৰান্তে প্ৰান্তে চিলনী চুৰৰ সংখ্যাও বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে পথচাৰি। মহানগৰীৰ বেলতলা, গণেশগুৰি, শৰণীয়া, পল্টন বজাৰ আদি অঞ্চলত প্ৰায়ে সংঘটিত হয় এনেধৰণৰ ঘটনা। প্ৰশাসনে এই ক্ষেত্ৰত সুৰক্ষা প্ৰদানত ব্যৰ্থ হোৱা বুলি দাবী একাংশৰ।

মহানগৰীত পিষ্টল দেখুৱাই দুৰ্বৃত্তই লুটি নিলে অলংকাৰ...
ৰাজ্যত সম্পন্ন হ'ল অসম আৰক্ষীৰ বিশেষ পদোন্নতি পৰীক্ষা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in