ৰাজ্যত সম্পন্ন হ'ল অসম আৰক্ষীৰ বিশেষ পদোন্নতি পৰীক্ষা...

ৰাজ্যত সম্পন্ন হ'ল অসম আৰক্ষীৰ বিশেষ পদোন্নতি পৰীক্ষা...

ডিজিটেল ডেস্ক : দেওবাৰ অনুষ্ঠিত হয় অসম আৰক্ষীৰ বিশেষ পদোন্নতি পৰীক্ষা। অসম আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক(ইউবি)ৰ মুঠ ৯৫১ টা পদৰ বাবে অনুষ্ঠিত হোৱা এই পৰীক্ষাত ১০,৮৭০ গৰাকী আৰক্ষী কৰ্মী অৱতীৰ্ণ হয়। এক টুইট যোগে এই কথা জনালে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে।

উল্লেখ্য যে, এই বিশেষ পদন্নোতি পৰীক্ষা ছেবাৰ দ্বাৰা পৰিচালনা কৰা হয়। আনহাতে ২০০৪ চনতেই শেষবাৰৰ বাবে অনুষ্ঠিত হৈছিল এই পদোন্নতি পৰীক্ষা। সুদীৰ্ঘ ১৯ বছৰৰ পাছত অনুষ্ঠিত হোৱা এই বিশেষ পদোন্নতি পৰীক্ষাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যোগ্যতা অৰ্জনকাৰী আৰক্ষী কনিষ্টবল অৱতীৰ্ণ হৈছে।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে জনোৱা অনুসৰি যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰি সকলো যোগ্য আৰক্ষী কৰ্মীক পদোন্নতি প্ৰদান কৰিবলৈ এই বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হয়। এই পৰীক্ষা অনুষ্ঠিত হোৱাত আশাবাদী আৰক্ষী কৰ্মীসকল।

ৰাজ্যত সম্পন্ন হ'ল অসম আৰক্ষীৰ বিশেষ পদোন্নতি পৰীক্ষা...
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা চাপৰিত ঢেকিয়াপতিয়া বাঘৰ মৃতদেহ উদ্ধাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in