/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/283201f3-302c-435d-8f16-821be7036b8b/protest.jpg)
প্ৰতিবাদ
ডিজিটেল ডেস্কঃ দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালক চিবিআইৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ'বলৈ জাননী প্ৰেৰণ কৰিছিল । সুৰানীতি কেলেংকাৰী সন্দৰ্ভত আপৰ নেতগৰাকীক সোধ পোছৰ বাবে উপস্থিত হ’বৰ নিৰ্দেশ প্ৰদান কৰিছে ৷
আপৰ নেতাগৰাকীক চি বিআয়ে তলব কৰাকলৈ ক্ষোভিত হৈছে দলটোৰ নেতা, কৰ্মী ৷ এই লৈ দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে আপৰ সদস্যসকলে ৷
দেশৰ অন্য ঠাইৰ লগতে গুৱাহাটীতো ৰাইজে আজি অৰবিন্দ কেজৰিৱালৰ সমৰ্থনত আৰু প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে । পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক আটক কৰি চচলৰ ধৰ্ণাস্থলীলৈ লৈ যায় ।
Also Read: হিন্দুত্ব বিৰোধী মন্তব্য কৰি ভাৰতীয় নাগৰিকত্ব হেৰুৱালে অভিনেতাই...