/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/199a2694-edc7-4ec4-a657-2d8afe6012c5/jorabat_5.jpg)
যোৰাবাটাত বন ধ্বংসৰ বিৰুদ্ধে বৃক্ষ ৰোপণেৰে প্ৰতিবাদ...
ডিজিটেল সংবাদ যোৰাবাটঃ অসম মেঘালয়ৰ সীমান্তৱৰ্তী এলেকাৰ যোৰাবাটৰ পৰা বৰ্ণিহাটলৈ একাংশ বন বিষয়াৰ সৈতে গোপন বুজাবুজিৰে এখনৰ পিছত এখন পাহাৰ ধ্বংস কৰাৰ কাৰ্যত ক্ষুন্ন হৈ পৰিছে যোৰাবাট শাখা ছাত্ৰ সন্থা। যোৰাবাটৰ পৰা বৰ্ণিহাটলৈ সকলো পাহাৰত বন বিষয়াক মেনেজ কৰি অসাধু ব্যৱসায়ীয়ে চলাই গৈছে পাহাৰ খনন।
খনন হোৱা মাটিসমূহ চালান অবিহনে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই কৃষিভূমি আৰু চিমেণ্ট উদ্যোগত পেলাই থকা হৈছে। স্থানীয় ৰাইজে ইয়াৰ বিৰোধিতা কৰিলেও চৰকাৰক ৰাজহ ফাঁকি দি এনেদৰে কোটি কোটি টকাৰ মাটিৰ ব্যৱসায় চলাই আছে।
ফলত মাত্ৰ এজাক বৰষুণ দিলেই এই খনন কৰা মাটিসমূহ পানীৰ লগত নামি আহি পানী পৰিবাহী নলাসমূহ ভৰ্তি কৰি দিয়ে। ইয়াৰ পৰিণতিত উত্তৰ পূবৰ দুৱাৰমুখ যোৰাবাটত এককাল পৰ্যন্ত বানপানী হয়।
আজি যোৰাবাট শাখা ছাত্ৰ সন্থাই বিশ্ব পৰিবেশ দিৱসৰ দিনটোত অবৈধ পাহাৰ খননস্থলীত গছপুলি ৰোপণ কৰি এনে অবৈধ বন ধ্বংসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা কৰে। প্ৰতিবাদস্থলীত উপস্থিত প্ৰতিবাদকাৰীসকলে পাহাৰ খনন ৰোধ কৰক, কৃত্ৰিম বানৰ পৰা যোৰাবাট, বৰ্ণিহাটবাসীক ৰক্ষা কৰক, বন বিষয়াৰ পৃষ্ঠপোষকতাত চলা পাহাৰৰ ৰঙামাটিৰ ব্যৱসায় বন্ধ কৰক আদি শ্লোগানেৰে অঞ্চলটোৰ আকাশ বতাহ উত্তাল কৰি তোলে।
Also Read: ৰাষ্ট্ৰপতিৰ হাতত নৰেন্দ্ৰ মোডীয়ে তুলি দিলে পদত্যাগপত্ৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us