অবৈধ পাৰ্কিঙৰ নামত হাৰাশাস্তিঃ গীতানগৰ থানা ঘেৰাও স্থানীয় ৰাইজ, ব্যৱসায়ীৰ...

যান বাহন আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
গণেশগুৰি উৰণীয়া সেতুত চিটি বাছে মহটিয়াই নিলে ৩ খনকৈ বাহন...

ei muhurtar khabar

ডিজিটেল ডেস্কঃ মহানগীৰৰ বিভিন্ন স্থানত অবৈধভাৱে পাৰ্কিঙৰ নামত মাছুল সংগ্ৰহৰ অভিযোগ নতুন নহয়। এনে অবৈধ পাৰ্কিং মাছুলৰ বিৰুদ্ধে আজি প্ৰতিবাদত লিপ্ত হয় ব্যৱসায়ী সন্থাকে ধৰি ৰাইজ।

Advertisment

গীতানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপনেৰে আজি এই প্ৰতিবাদ সাব্যস্ত কৰে জু-নাৰেংগী তিনিআলি ব্যৱসায়ী সন্থা আৰু স্থানীয় ৰাইজে।

স্বয়ং আৰক্ষীয়ে অবৈধভাৱে ইয়াত পাৰ্কিঙৰ নামত মাছুল লৈ জনসাধাৰণৰ হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ বাবে প্ৰতিবাদকাৰীসকলে যান বাহন আৰক্ষীৰ লগতে জি এম চিকো দোষাৰোপ কৰিছে। প্ৰতিবাদকাৰীসকলে গীতানগৰ আৰক্ষী থানা ঘেৰাও কৰি নিজৰ ক্ষোভ ব্যক্ত কৰিছে। তেওঁলোকৰ দাবী শীঘ্ৰেই এই হাৰাশাস্তিৰ পৰা মুক্ত কৰক।

Also Read: আজি আন্তৰ্জাতিক মাতৃভাষা দিৱসঃ কেতিয়াৰে পৰা কিয় পালন কৰা হয় এই দিৱস…

প্ৰতিবাদ