আজি আন্তৰ্জাতিক মাতৃভাষা দিৱসঃ কেতিয়াৰে পৰা কিয় পালন কৰা হয় এই দিৱস…

আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস
আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস

ডিজিটেল ডেস্কঃ আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস। ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ তথা বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিক উদগনি যোগাবৰ বাবে প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱস (International Mother Language Day) হিচাপে পালন কৰা হয়। ১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্কোই প্ৰথম এই দিৱসৰ কথা ঘোষণা কৰে।

কানাডাৰ ভেংকুভাৰ নগৰ নিবাসী দুজন বাঙালী লোক ৰফিকুল ইছলাম আৰু আব্দুছ চালামে ১৯৯৮ চনত ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান কফি আন্নানৰ ওচৰত একৈছ ফেব্ৰুৱাৰীক আন্তৰ্জাতিক মাতৃভাষা দিৱসৰূপে স্বীকৃতি কৰিবলৈ আবেদন জনাইছিল। ১৯৯৯ চনত ইউনেস্কোই এই দিৱসৰ কথা ঘোষণা কৰাৰ পিছত ২০০০ চনত ৰাষ্ট্ৰসংঘৰ সদস্য দেশসমূহে ২১ ফেব্ৰুৱাৰীক যথাযথ মৰ্যদাৰে পালন কৰে।

২০০৯ চনৰ ১৬ মে' তাৰিখে ৰাষ্ট্ৰসংঘ‍ই A/RES/61/266 নং সিদ্ধান্ত অনুসৰি সকলো সদস্য দেশকে "বিশ্বৰ মানৱে ব্যৱহাৰ কৰা সকলো ভাষাৰ সংৰক্ষণ আৰু সুৰক্ষা"ৰ বাবে অনুৰোধ কৰে। একে সিদ্ধান্ত অনুসৰি সাধাৰণ সভাই ২০০৮ চনক "ভাষাৰ আন্তৰ্জাতিক দিৱস" হিচাপে গ্ৰহণ কৰে।

২০১০ চনত ৰাষ্ট্ৰ সংঘৰ ৬৫তম অধিবেশনত প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰীক আন্তৰ্জাতিক মাতৃভাষা দিৱস ৰূপে পালন কৰিবলৈ বাংলাদেশে উত্থান কৰা প্ৰস্তাৱ গৃহীত হয়। ২০১০ চনৰ মে' মাহত ৰাষ্ট্ৰ সংঘৰ তথ্যবিষয়ক সমিতিত প্ৰস্তাৱটো সৰ্বসন্মতিভাৱে গৃহীত হয়। মাতৃভাষা দিৱসৰ উপলক্ষে আজি বিশ্বৰ লগতে অসমতো ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ।

আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস
কামপুৰত পুৱাই অঘটন, শ্ৰমিকৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in