মহানগৰীত পুনৰ বৃদ্ধি সম্পত্তি কৰ: প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ড০ সমুজ্জ্বল ভট্টাচাৰ্যই...

ৰাজ্যৰ প্ৰতিখন পৌৰ সভাত পৌৰ কৰ, সম্পত্তি কৰ বৃদ্ধিৰ পিছত এইবাৰ সম্পত্তি কৰ বৃদ্ধি

author-image
Asomiya Pratidin
New Update
মহানগৰীত পুনৰ বৃদ্ধি সম্পত্তি কৰ: প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ড০ সমুজ্জ্বল ভট্টাচাৰ্যই...

ডিজিটেল ডেস্ক : পুনৰ সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ। ৰাজ্যৰ প্ৰতিখন পৌৰ সভাত পৌৰ কৰ, সম্পত্তি কৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদমুখৰ হৈ থকাৰ মাজতেই এইবাৰ মহানগৰীত বৃদ্ধি কৰা হৈছে এই কৰ। গুৱাহাটী পৌৰ নিগমে ইয়াৰ অন্তৰ্গত এলেকা সমূহত বৃদ্ধি কৰিছে সম্পত্তি কৰ (Property Tax)।

Advertisment

এই বৃদ্ধি ২০০৮ চনৰ পূৰ্বে এছেচমেণ্ট হোৱা ঘৰসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব বুলি প্ৰকাশ পাইছে। যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে মহানগৰবাসী।

ইয়াৰ সমান্তৰালভাৱে এইক্ষেত্ৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যই। টুইটাৰযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি উপদেষ্টা গৰাকীয়ে ক’ভিড পৰিস্থিতিত জুৰুলা জনসাধাৰণক মূল্যবৃদ্ধি আৰু এনে উপৰ্যপুৰি কৰৰ বোজাই দিশহাৰা কৰিছে বুলি জমাই এই জনবিৰোধী সিদ্ধান্তক শীঘ্ৰে বাতিল কৰাৰ দাবী জনায়।

Also Read: ককাৰ হাতৰ দিনলিপি...

GOVT OF ASSAM tax